গুৱাহাটী: অসম বানপানীত ডুব গৈ থকা মাজতে সামাজিক মাধ্যম তথা একাংশ অসমীয়া সংবাদ মাধ্যমত বিভিন্ন অপৰীক্ষিত আৰু বিভ্ৰান্তিকৰ ভিডিঅ’ প্ৰচাৰ হৈ থকা দেখিব পোৱা গৈছে। শেহতীয়াকৈ অসমৰ কিছু সংবাদ মাধ্যমত এটা অজগৰে ৰাস্তা পাৰ কৰি থকা এটা পুৰণি ভিডিঅ’ অসমৰ বুলি কৈ চলাই থকা দেখা গৈছে।

যোৱা ২৩ জুনত নিউজ লাইভে তেওঁলোক ফে’চবুক পে’জত ভিডিঅ’টো শ্বেয়াৰ কৰি ইয়াক অসমৰ বানৰ সময়ত তোলা বুলি দাবী কৰে। ‘’বানৰ সময়ত আহিল এজন অনিমন্ত্ৰিত অতিথি । চাওক কোন এই অতিথি?’’ ভিডিঅ’টোৰ কেপচনত এইদৰে কয়।

একেদৰে প্ৰতিদিন টাইমেও ভিডিঅ’টো অসমৰ বুলি কৈ বাতৰি কৰা দেখা গৈছে। প্ৰতিদিন টাইমৰ মতে ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা’ৰ সময়ত প্ৰায় ‘’১২-১৫ ফুট দীঘল সাপ’’টো দেখা গৈছিল।

ফেক্ট-চেক

ইষ্টম’জ’য়ে ফেক্ট-চেক কৰি দেখে যে ভিডিঅ’টো যথেষ্ট পুৰণি আৰু দাবী কৰাৰ দৰে এইটো অসমৰ ভিডিঅ’ নহয়।

আমি গুগলত keyword search কৰি উক্ত ভিডিঅ’টো যথেষ্ট আগৰে পৰা সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা দেখিবলৈ পাওঁ। চলিত বৰ্ষৰ ৫ মাৰ্চত @susantananda3 নামৰ টুইটাৰ হেণ্ডেলটোত উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছিল। অৱশ্যে তাত ভিডিঅ’টো ক’ৰ হয় সেই কথা উল্লেখ কৰা নাই।

আমি অনলাইন ফেক্ট-চেকিং টুল InVID-ত ভিডিঅ’টো পৰীক্ষা কৰো আৰু ভিডিঅ’টোৰ keyframe সমূহৰ reverse image search কৰি বহুকেইটা বহুকেইটা YouTube আৰু বাতৰিৰ লিংক লাভ কৰো।

ইয়াৰে চলিত বৰ্ষৰ ৫ মাৰ্চত YouTube-ত আপল’ড কৰা এই ভিডিঅ’টোৰ মতে কৰ্নাটকৰ কাৰৱাৰত অজগৰটো দেখা গৈছিল।

YouTube video

ইয়াৰ উপৰি SV5 TVNews নামৰ কানাড়া YouTube চেনেলত ৬ মাৰ্চত প্ৰকাশিত ভিডিঅ’ত এইটো কৰ্নাটকৰ কাৰৱাৰ অঞ্চলৰ ঘটনা বুলি কোৱা হয়। একেদৰে ৬ মাৰ্চত ETV ভাৰতত প্ৰকাশ পোৱা এক বাতৰিৰ মতে অজগৰটোৰ উক্ত দৃশ্য কৰ্নাটকৰ উত্তৰা কানাড়া জিলাৰ কাৰৱাৰৰ সমীপৰ হানাকোনা গাঁৱত কেমেৰাত বন্দী কৰা হৈছিল।

আনহাতে, ২০ মাৰ্চত The Times of India –ত প্ৰকাশ পোৱা মতে ভিডিঅ’টো কেৰেলাৰ ৱায়েনান্দ জিলাৰ।

আমি ভিডিঅ’টোৰ প্ৰকৃত স্থান সম্পৰ্কে এতিয়াও সঠিককৈ জ্ঞাত নহয় যদিও এই কথা নিশ্চিতভাৱে ক’ব পৰা যায় যে অসমীয়া সংবাদ মাধ্যমে দাবী কৰাৰ দৰে ভিডিঅ’টো এতিয়া অসমত হৈ থকা বানপানীৰ সময়ৰ নহয়।

লগতে পঢ়ক – উদ্ধৱ থাকৰেক অসমলৈ ‘আমন্ত্ৰণ’ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply