ঘাইপথেৰে গৈ থকা এজন চাইকেল আৰোহীক অকস্মাৎ পথৰ কাষৰ হাবিৰ পৰা এটা নাহৰফুটুকী বাঘে জপিয়াই আক্ৰমণ কৰা এক ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই ইয়াক উত্তৰাখণ্ডৰ ঘটনা বুলি দাবী কৰা দেখা গৈছে। অৱশ্যে উক্ত সম্পূৰ্ণ মিছা, কাৰণ এই ঘটনাটো উত্তৰাখণ্ডত নহয় অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতহে সংঘটিত হৈছিল।
যোৱা ২১ ছেপ্টেম্বৰত @shekharluthra নামৰ এটা ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ ভিডিঅ’টো শ্বেয়াৰ কৰি ডেহৰাডুন-ঋষিকেশ ঘাইপথত উক্ত ঘটনাটো ঘটা বুলি দাবী কৰে। (Archived link)

একেদৰে আন এজন ভেৰিভাইড টুইটাৰ য়ুজাৰে (@AjitSinghRathi) ভিডিঅ’টো শ্বেয়াৰ কৰি ইয়াক ডেহৰাডুন-ঋষিকেশ ঘাইপথত সংঘটিত এক দৃশ্য বুলি কয়। (Archived link)

তেওঁলোকৰ উপৰি ২১ ছেপ্টেম্বৰত ভাৰতীয় বন সেৱা বিষয়া সুশান্ত নন্দই (@susantananda3) একেই দাবী কৰি ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। (Archived link)
ফেক্ট-চেক:
আমি InVid tool-ৰ সহায়ত ভিডিঅ’টো keyframe-ত ভাগ কৰি reverse image search কৰো। reverse image search কৰি ANI Newsৰ YouTube চেনেলত আপল’ড কৰা এই ভিডিঅ’টো বিচাৰি পাওঁ, ভিডিঅ’টো ২০২২ চনৰ ২৭ জুনত আপল’ড কৰা হৈছিল।
ANI News-ৰ মতে উক্ত ঘটনাটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালধিবাৰীত সংঘটিত হৈছিল।
বাতৰিটোত উল্লেখ কৰা অনুসৰি চলিত বৰ্ষৰ ১৯ জানুৱাৰীত সংঘটিত হোৱা উক্ত ভিডিঅ’টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লগাই থোৱা চি চি টি ভি কেমেৰাত ৰেক’ৰ্ড হৈ আছিল।
এইবাৰ আমি উপযুক্ত keyword ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰো আৰু এই সম্পৰ্কীয় বহু কেইটা বাতৰিৰ লিংক বিচাৰি পাওঁ। ১৬ জুনত Money Control-ত প্ৰকাশিত এই বাতৰিটোৰ মতেও উক্ত ঘটনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছিল।
লগতে পঢ়ক – ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পক ২০০.৩২ বৰ্গ কিলোমিটাৰ এলেকালৈ সম্প্ৰসাৰণ