মাৰ্কিন যুক্তৰাষ্ট্ৰৰ House Speaker Nancy Pelosi -ৰ শেহতীয়া টাইৱান (Taiwan) ভ্ৰমণক কেন্দ্ৰ কৰি চীন আৰু আমেৰিকাৰ মাজত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি থকাৰ মাজতে এটা বিশেষ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

সম্ভৱত এটা মোবাইল ফোনত তোলা উক্ত ভিডিঅ’টোত সাগৰত একাধিক যুদ্ধজাহাজ আৰু আকাশেৰে বহু যুদ্ধবিমান উৰি যোৱা দেখা গৈছে।

Twitter আৰু Facebook-ত ভাইৰেল হৈ পৰা ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বহুতেই ইয়াক টাইৱান (Taiwan)-ৰ সমীপত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যুদ্ধ বিমানৰ কুচকাৱাজৰ দৃশ্য বুলি দাবী কৰিছে।

যোৱা ৩০ জুলাইত @ChaudharyParvez নামৰ এগৰাকী verified Twitter user-এ ৩৯ ছেকেণ্ডৰ এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছিল।

যোৱা বুধবাৰে পুনৰ তেওঁ ৫৯ ছেকেণ্ডৰ আন এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰে। উক্ত ভিডিঅ’টোত এতিয়ালৈকে ২৪৭ হাজাৰতকৈ অধিক view অহাৰ লগতে ২৭১ বাৰ retweet হৈছে।

একেধৰণৰ দাবীৰে ইতিমধ্যে Twitter (ইয়াত ক্লিক কৰক) আৰু Facebook (ইয়াত ক্লিক কৰক)-ত ভিডিঅ’টো ব্যাপকভাৱে প্ৰচাৰিত হৈছে।

Fact-check:

আমি InVid-ৰ সহায়ত ভিডিঅ’টো keyframes-ত ভাগ কৰি reverse image search কৰো। Yandex-ত YouTube-ত আপল’ড কৰা ৫৯ ছেকেণ্ডৰ ভিডিঅ’টো বিচাৰি পাওঁ, ভিডিঅ’টো ২০২১ চনৰ ২৭ জুনত আপল’ড কৰা হৈছিল।

একেদৰে আন এক reverse image search কৰি আমি এই ভিডিঅ’টো বিচাৰি পাঁও। Tinuod TV নামৰ YouTube চেনেলটোৱে ২০২১ চনৰ ১৫ এপ্ৰিলত ভিডিঅ’টো আপল’ড কৰিছিল।

Google Translator-ৰ সহায়ত কৰা ভিডিঅ’টোৰ Title description-ৰ ইংৰাজী অনুবাদ এনেধৰণৰ -“JUST IN, US NAVY WARSHIP Hovering over WEST PHILS. SEA…It’s going to be a fight”। Google Translator-এ Title description-ৰ মূল ভাষাটো ফিলিপিনো হিচাপে চিনাক্ত কৰিছে, ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো যে WEST PHILS. SEA –ৰ দ্বাৰা পশ্চিম ফিলিপাইন সাগৰক বুজোৱা হৈছে। অৱশ্যে, এইপৰ্যন্ত আমি ভিডিঅ’টো geo-locate কৰিবলৈ সক্ষম হোৱা নাই।

যদিও আমি ভিডিঅ’টোৰ মূল সূত্ৰটো বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই, যিহেতু ভিডিঅ’টো যোৱা এবছৰতকৈ অধিক কাল ধৰি ইনটাৰনেটত আছে গতিকে আমি ক’ব পাৰো যে Nancy Pelosi -ৰ শেহতীয়া টাইৱান ভ্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

লগতে পঢ়ক – স্কুলীয়া শিক্ষাত কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতাত ৰাইজৰ দলৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply