এটা নিৰ্মম ভিডিঅ’। একাংশ লোকে ৰাস্তাৰে চোঁচৰাই নিছে এগৰাকী বৃদ্ধা মহিলাক আৰু তাৰ পিছত মহিলাগৰাকীৰ ওপৰত বিভিন্নজনে চলাইছে উপৰ্যুপৰি আক্ৰমণ। চৰ, ভুকু, গোৰ, লাঠীৰ কোব একো বাদ পৰা নাই। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টো শ্বেয়াৰ কৰা বহুতৰ মতে এই ঘটনাৰ স্থান পাকিস্তান আৰু ভুক্তভোগী হৈছে এগৰাকী হিন্দু সম্প্ৰদায়ৰ মহিলা।
সংবাদ প্ৰতিষ্ঠান Zee Hindustan ১.২১ মিনিটৰ ভিডিঅ’টো তেওঁলোকৰ টুইটাৰ পে’জত শ্বেয়াৰ কৰি কয়, ”পাকিস্তানত হিন্দুসকলৰ ওপৰত অত্যাচাৰ বন্ধ ৰখা নাই। এটা সৰু কথাৰ বাবেই এগৰাকী হিন্দু মহিলাক লাঠীৰে কোবোৱা হয়। হিন্দু পীড়িতসকলৰ কথা শুনোতা কোনো নাই।” (Archived link চাওক)
ইয়াৰ পিছতে বুভিন্নজনে টুইটাৰত বিভিন্নজনে টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰা আৰম্ভ কৰে। এই লোকসকলৰ ভিতৰত হিন্দী চলচ্চিত্ৰ আৰু টি ভি জগতৰ অভিনেতা মনোজ যোশীও (@actormanojjoshi) অন্যতম।
ভিডিঅ’টো শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে কয়, ”পাকিস্তান গঠন হোৱাৰে পৰা হিন্দুসকলৰ ওপৰত এনে অত্যাচাৰ চলি আহিছে। কিন্তু ইয়াৰ বিৰুদ্ধে কোনেও মাত নামাতে কাৰণ ই তেওঁলোকৰ এজেণ্ডাৰ সৈতে খাপ নাখায়।” (Archived link চাওক)
আন এজন ভেৰিফাইড টুইটাৰ ইউজাৰ (@DivyaSoti)-এ Zee Hindustan –ৰ ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে কয়, ”ভাৰততে যেতিয়া কোনেও হিন্দুসকলৰ কথা নুশুনে পাকিস্তানত শোনিব আমি কেনেকৈ আশা কৰিম।” (Archived link চাওক)
ফেক্ট চেক
আমি উপযুক্ত keyword ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰাত চলিত বৰ্ষৰ জানুৱাৰীত aaj.tv-ত প্ৰকাশিত এই বাতৰিটো বিচাৰি পাঁও। উক্ত বাতৰিত ব্যৱহাৰ কৰা ফটো আৰু আৰু ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰিনশ্বটৰ তুলনা কৰিলে এইয়া একেটা ঘটনাৰ দৃশ্য বুলি বুজা যায়।
aaj.tv-ৰ প্ৰতিবেদনৰ মতে উক্ত ঘটনাটো পাকিস্তানৰ শিয়ালকোটত সংঘটিত হৈছিল আৰু ঘটনাৰ কাৰণ মাটি-বাৰীৰ বিবাদ সম্পৰ্কীয়।
উক্ত প্ৰতিবেদনৰ ভিত্তিত আমি গুগলত পুনৰ এবাৰ keyword কৰি পাকিস্তানৰ বিখ্যাত সংবাদপত্ৰ ‘Dawn’-ত চলিত বৰ্ষৰ ১০ জানুৱাৰিত প্ৰকাশিত এই বাতৰিটো লাভ কৰো। ‘Dawn’-ত প্ৰকাশিত এই বাতৰিটোৰ দ্বাৰা আমি ঘটনাৰ কাৰণ শিয়ালকোট জিলাৰ পালুৰা কালান গাঁৱত দুই পক্ষৰ মাজত থকা মাটি বিবাদ বুলি নিশ্চিত হওঁ।
উক্ত বাতৰিটোৰ পৰা আমি এই কথাও নিশ্চিত হওঁ যে Zee Hindustan-ত দাবী কৰাৰ দৰে ভুক্তভোগী মহিলা গৰাকী হিন্দু সম্প্ৰদায়ৰ নহয়।
”ভূমি বিবাদ কেন্দ্ৰ কৰি দুটা গোটৰ সদস্যসকলৰ মাজত চলি আহিছিল। শনিবাৰে, মুনাৱাৰ কানৱাল আৰু নাছৰিন বিবি নামৰ প্ৰতিপক্ষৰ দুগৰাকী মহিলাৰ মাজত আন এক কাজিয়া লাগে। নাছৰিনে তেওঁৰ আত্মীয়সকলৰ সৈতে মিলি মুনাৱাৰ কানৱালক বেয়াকৈ অত্যাচাৰ কৰিছিল। তেওঁৰ এজন সম্পৰ্কীয় ভাতৃয়ে মুনাৱাৰক চুলিত ধৰি গাওঁখনত চোঁচৰাই নিছিল,” বাতৰিটোত এইদৰে কোৱা হয়।
ওপৰত উল্লেখ কৰা দুয়োটা প্ৰতিবেদনৰ পৰা এই কথা প্ৰমাণিত হয় যে Zee Hindustan-এ কৰা দাবী, যিটো অভিনেতা মনোজ যোশীৰ লগতে বিভিন্নজনে শ্বেয়াৰ কৰিছিল, সম্পূৰ্ণ মনেসজা আৰু ইয়াক সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ উদ্দেশ্যে ইয়াক এইদৰে প্ৰচাৰ কৰা হৈছে।
লগতে পঢ়ক – NIAৰ ঘোষণাঃ মষ্ট ৱান্টেড ড’ন ডাউডৰ খবৰ দিলে পাব ২৫ লাখ টকাৰ পুৰষ্কাৰ