এখন নদীৰে অসংখ্য প্ৰজ্বলিত নাৱে সৰ্পিল গতিত আগবাঢ়ি যোৱা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰা বহুতেই এইয়া কেৰেলাত দীপোৎসৱম সময়ৰ এক দৃশ্য বুলি দাবী কৰিছে।

আনহাতে ভিডিঅ’টোৰ ওপৰত এইদৰে লিখা আছে – Sri Mahankaleshwara Devalayam, Miralam Mandi। যিটো হায়দৰাবাদত অৱস্থিত।

অৱশ্যে, আমি অনুসন্ধান কৰি জানিব পাৰো যে উক্ত দুয়োটা দাবীয়ে ভুল আৰু ভিডিঅ’টো হায়দৰাবাদ বা কেৰালাৰ নহয় বৰঞ্চ চীনৰ Yulong নদীৰ হৈ দৃশ্য।

টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ইউজাৰে এই কয়,“#Deepotsavam in Kerala. 240 boats sailing in the river with lamps”। (archived link চাওক)

চলচ্চিত্ৰ সমালোচক, লেখক ভাৱনা সোমায়ায়ো ভিডিঅ’টো টুইট কৰিছিল। এতিয়া ডিলিট কৰি দিয়া এটা টুইটত তেওঁ এইদৰে কয়,“#Deepotsavam in Kerala. 240 boats sailing in the river with lamps. #Diwali celebrations continue.”।

ভিডিঅ’টো ফে’চবুকতো বিভিন্ন লোকে শ্বেয়াৰ কৰি একেধৰণৰ দাবী কৰা দেখা গৈছে। (archived link চাওক)

ফেক্ট-চেক:

আমি ভিডিঅ’টো InVid toolৰ সহায়ত কেইবাটাও keyframe-ত ভাগ কৰি Google আৰু Yandex-ত reverse image search কৰো আৰু ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত শ্বেয়াৰ কৰা এটা টুইট লাভ কৰো।

ভিডিঅ’টোৰ কেপচনত এইদৰে লিখা আছে – “Golden Dragon in China. Consisting of 88 bamboo rafts cruising on the Yulong River. How awesome is this.”।

আমি এইবাৰ উপযুক্ত keyword ব্যৱহাৰ কৰি Google চাৰ্চ কৰো আৰু ২০২২ চনৰ ৩১ মে’ত China Global Television Network-ত প্ৰকাশ পোৱা এটা বাতৰি বিচাৰি পাওঁ। বাতৰিটোত ভাইৰেল ভিডিঅ’ৰ সৈতে সাদৃশ্য থকা ভিডিঅ’ দিয়া আছে। উক্ত বাতৰিটোৰ মতে এই দৃশ্য চীনৰ Guangxi Zhuang প্ৰদেশত থকা Yulong নদীত এক অনুষ্ঠানৰ সময়ৰ।

যোৱা ২০ মে’ত Guangxi China –ৰ চৰকাৰী ৱেবছাইটত প্ৰকাশিত এক বাতৰিত অনুষ্ঠানটো ১৯ মে’ত  Yulong নদীত কৰা হৈছিল বুলি কোৱা হৈছে। বাতৰিটোৰ মতে ১২ সংখ্যক চীন পৰ্যটন দিৱস উপলক্ষে অঞ্চলটোলৈ পৰ্যটকক আকৰ্ষণৰ উদ্দেশ্যো এইয়া কৰা হৈছিল।

গতিকে সামাজিক মাধ্যমত দাবী কৰি থকাৰ দৰে ভিডিঅ’টো ভাৰতৰ কোনো অঞ্চলৰ যে নহয় সেয়া আমি স্পষ্টভাৱে ক’ব পাৰো।

লগতে পঢ়ক – মঙলদৈ নিৰ্বাচনী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply