এখন উৰণীয়া সেতুৰ সমীপত সংঘটিত এক বিস্ফোৰণৰ ভিডিঅ’ সামাজিক মাধ্যমত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰা বহুতেই এইয়া উত্তৰ-প্ৰদেশৰ বাৰাবাংকিৰ ঘটনা বুলি দাবী কৰিছে।
অৱশ্যে, আমি অনুসন্ধান কৰি উক্ত দাবী মিছা আৰু ভিডিঅ’টো যে গুৱাহাটীৰহে সেই কথা জানিব পাৰো।
Ajay Gupta SP নামৰ এটা ফেচবুক একাউন্টৰ পৰা শ্বেয়া ভিডিঅ’টোৱে এতিয়ালৈকে ২ হাজাৰতকৈ অধিক ‘লাইক’ লাভ কৰাৰ উপৰি ৭০ বাৰতকৈ অধিক শ্বেয়াৰ হৈছে। ভিডিঅ’টোত দিয়া কেপচনত এইদৰে লিখা হয়, “Gas blastcase barabanki”। (Archived link- বাবে ইয়াত ক্লিক কৰক)

ফেক্ট-চেক:
আমি ভিডিঅ’টো InVid tool-ৰ সহায়ত কেইবাটাও keyframe-ত ভাগ কৰো আৰু ইয়াৰে কেইটামান keyframe-ত reverse image search কৰো।
এইদৰে reverse image search কৰোতে আমি একেটা ভিডিঅ’ৰে যোৱা আগষ্ট মাহৰ ২১ তাৰিখৰ এটা টুইট লাভ কৰো।
তলত দুয়োটা ভিডিঅ’ৰ স্ক্ৰিনশ্বট তুলনা কৰি দেখুওৱা হৈছে:

টুইটটোত থকা কেপচনৰ মতে উক্ত বিস্ফোৰণ গুৱাহাটীৰ ভঙাগড়ত সংঘটিত হৈছিল। আমি উপযুক্ত keyword ব্যৱহাৰ কৰি Google চাৰ্চ কৰো আৰু ২০ আগষ্টত ভঙাগড় উৰণীয়া সেতুৰ তলত সংঘটিত হোৱা চিলিণ্ডাৰ বিস্ফোৰণৰ কেইবাটাও বাতৰিৰ লিংক লাভ কৰো।
ইষ্টম’জ’তো উক্ত চিলিণ্ডাৰ বিস্ফোৰণৰ বাতৰি প্ৰকাশ পাইছিল। উক্ত বাতৰিত প্ৰকাশিত তথ্য অনুসৰি ২০ আগষ্টৰ পোৱা ভঙাগড় উৰণীয়া সেতুৰ তলত পদপথৰ দাঁতিত থকা এখন বিৰিয়ানীৰ দোকানত দুটা গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হৈছিল।
উক্ত অগ্নিকাণ্ডৰ দৃশ্য ২০ আগষ্টত আমাৰ YouTube চেনেলত আপল’ড কৰা এই ভিডিঅ’টোত চাব পাৰে।
ভাইৰেল ভিডিঅ’টোৰ সৈতে ইষ্টম’জ’ৰ ভিডিঅ’টো তুলনা কৰি চোৱাত আমি কেইবাটাও সাদৃশ্য লক্ষ্য কৰো। তলত চাওক:

ইষ্টম’জ’ৰ উপৰি অসমৰ বহুকেইটা সংবাদ মাধ্যমতো উক্ত বিস্ফোৰণৰ বাতৰি প্ৰচাৰ কৰা হৈছিল। ইয়াত, ইয়াত আৰু ইয়াত চাওক।
আমি ইনটাৰনেটত বাৰাবাংকিত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ বিষয়ে বিচাৰি চাও যদিও কোনো ভিডিঅ’ বা বাতৰি বিচাৰি নাপালো। গতিকে আমি ক’ব পাৰো যে সামাজিক মাধ্যমত উত্তৰ-প্ৰদেশৰ বুলি প্ৰচাৰ চলাই থকা ভিডিঅ’টো প্ৰকৃততে গুৱাহাটীৰ ভঙাগড়ৰহে ঘটনা।
লগতে পঢ়ক – পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰান খানৰ ওপৰত গুলীচালনা