ইংলেণ্ডৰ বাৰ্মিংহামত এটা হিন্দু মন্দিৰত মুছলমান লোকে অগ্নি সংযোগ কৰাৰ অভিযোগ আনি শ্বেয়াৰ কৰা এটা বিল্ডিঙত সংঘটিত এক অগ্নিকাণ্ডৰ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই আনকি মন্দিৰৰ বাহিৰত হিন্দু লোকক মুছলমান লোকে মাৰপিট কৰাৰো অভিযোগ আনিছে।

সঞ্জয় ফাড়নাৱিছ (@sanjayfandavis1) নামৰ এজন টুইটাৰ ইউজাৰে ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে লিখে, “নৱৰাত্ৰিৰ সময়ত বাৰ্মিংহামত মুছলমানৰ দ্বাৰা মন্দিৰত অংগ্নি সংযোগ। হিন্দুক মাৰপিট। হিন্দুক সুৰক্ষা দিয়াত অসাৰ্থক ইংলেণ্ডৰ আৰক্ষী।”

ভাইৰেল টুইটৰ archived লিংকৰ বাবে ইয়াত আৰু ইয়াত ক্লিক কৰক।

অৱশ্যে ইষ্টম’জয়ে ফেক্ট-চেক কৰি উক্ত দাবী যে ভূৱা তথা সামাজিক মাধ্যমত দাবী কৰাৰ দৰে দুয়োটা সম্প্ৰদায়ৰ মাজত যে কোনোধৰণৰ সংঘাত ঘটা নাছিল সেই কথা জানিব পাৰে।

ফেক্ট-চেক

আমি InVid tool-ৰ সহায়ত ভিডিঅ’টো কেইবাটাও keyframes-ত ভাগ কৰো আৰু ভালদৰে চাই এটা স্ক্ৰিনশ্বটত ‘SM Vapes’ বুলি লিখি ৰখা এখন ছাইন ব’ৰ্ড দেখা পাওঁ। ইয়াৰ পিছত আমি Google Maps ব্যৱহাৰ কৰি বাৰ্মিংহামত SM Vapes সন্ধান কৰি Alum Rock Road-ত থকা উক্ত ষ্ট’ৰখন বিচাৰি উলিয়াও।

ইয়াৰ পিছতে আমি ‘Zeenat Supermarket Birmingham fight’ আদি keyword ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰো আৰু ২০২২ চনৰ ২০ ছেপ্টেম্বৰত Birmingham Mail-ত প্ৰকাশিত এই বাতৰিটো দেখা পাওঁ। বাতৰিটোত থকা ভিডিঅ’টোৰ সৈতে আমি ভাইৰেল ভিডিঅ’টো তুলনা কৰিলত দুয়োটা ভিডিঅ’তে যে একেটা ঘটনা দেখুওৱা হৈছে সেই কথা গম পোৱা যায়।

উক্ত বাতৰিটোৰ মতে বাৰ্মিংহামৰ Alum Rock Road-ত থকা Zeenat ষ্ট’ৰৰ বাহিৰত যোৱা ১৯ ছেপ্টেম্বৰত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। “১৯ ছেপ্টেম্বৰত Bearded Broz নামৰ এজন ইউজাৰে ফে’চবুকত মাৰপিটৰ ভিডিঅ’টো প্ৰকাশ কৰিছিল। ভিডিঅ’টোত একাংশ লোকে সজাই থোৱা ফলমুল আৰু শাক-পাচলিৰ সন্মুখত মাৰপিট কৰা দেখা যায়,” বাতৰিটোত কোৱা হয়।

বাতৰিটোত উল্লেখ কৰা মতে বিল্ডিংটোত লগা জুই নুমাবলৈ অগ্নি নিৰ্বাপক বাহিনীয়ে কাম কৰি থকাৰ সময়তে মাৰপিটক সূত্ৰপাত ঘটে।

Birmingham Mail-ত একেই তাৰিখত প্ৰকাশিত আন এক বাতৰিৰ মতে কি কাৰণত অগ্নিকাণ্ডটো সংঘটিত হৈছিল সেই কথা জানিব পৰা হোৱা নাছিল।  

আনহাতে, West Midland Fire Service –এ উক্ত অগ্নিকাণ্ড সম্পৰ্কত প্ৰকাশ কৰা এক বিবৃতিত দুৰ্ঘটনাবশত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি কয়।

অৰ্থাৎ Birmingham Mail-ৰ বাতৰিয়ে হওক নতুবা West Midland Fire Service-ৰ বিবৃতি, কোনো এটাতে হিন্দু মন্দিৰত অগ্নি সংযোগৰ কথা বা হিন্দু লোকক মাৰপিটৰ কথা উল্লেখ কৰা নাই।

ইয়াৰ দ্বাৰা আমি এই কথা স্পষ্টভাৱে ক’ব পাৰো যে সামাজিক মাধ্যমত দাবী কৰাৰ দৰে নৱৰাত্ৰিৰ সময়ত বাৰ্মিংহামত হিন্দু মন্দিৰত অংগ্নি সংযোগৰ কোনো ঘটনা ঘটা নাছিল।

লগতে পঢ়ক – উত্তৰ-পূবৰ উদ্যোগীৰ বাবে Project NEW শীৰ্ষক নতুন অভিলাষী প্ৰকল্প  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply