নিউজ ডেস্ক: হায়দৰাবাদত অনুষ্ঠিত বিজেপিৰ সদ্যসমাপ্ত দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

১৪ ছেকেণ্ডৰ ভিডিঅ’টোত শ্বাহক এগৰাকী সাংবাদিকে প্ৰশ্ন কৰা দেখা যায়।

ভিডিঅ’টোক বিভিন্নজনে টুইটাৰত শ্বেয়াৰ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীক এজন সাংবাদিকে তেলেংগানাৰ বানপানীৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক কিয় আৰ্থিক সাহায্য প্ৰদান কৰা নাছিল বুলি প্ৰশ্ন কৰি নিৰুত্তৰ কৰে বুলি দাবী কৰে।

যোৱা ৪ জুলাইত @manishjagan নামৰ ভেৰিফাইড টুইটাৰ ব্যৱহাৰকাৰী গৰাকী উক্ত ভিডিঅ’টো টুইটাৰত শ্বেয়াক কৰিছিল।

‘’তেলেংগানাত বৰষুণ আৰু বান আহিছিল। কিন্তু কেন্দ্ৰৰ পৰা এক পইচাও। দিল্লীৰ পৰা নেতাবিলাকে কি বুলি মুখ দেখুওৱাবলৈ আহিছে,’’ সাংবাদিকজনে গৃহ মন্ত্ৰীক হিন্দীত এইদৰে প্ৰশ্ন কৰে।

একেতা ভিডিঅ’ যোৱা ৩ জুলাইত (@FUNNYSRK) নামৰ টুইটাৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছিল। উক্ত টুইটটো এতিয়ালৈকে ৭৪৭.৮ হাজাৰ বাৰ ভিউ হোৱাৰ লগতে ২ হাজাৰতকৈ অধিক বাৰ ৰিটুইট হৈছে।

ফেক্ট-চেক: পুৰণি ভিডিঅ’

ইষ্টম’জ’য়ে উক্ত ভিডিঅ’ ক্লিপটোৰ অনুসন্ধান কৰে আৰু উক্ত আগতে প্ৰকাশিত এটা অন্য ভিডিঅ’ৰ পৰা এডিট কৰি অনা বুলি জানিব পাৰে। মূল ভিডিঅ’টোত অমিট শ্বাহক সাংবাদিক গৰাকীৰ প্ৰশ্নৰ উত্তৰ দিয়া দেখা যায়।

ভিডিঅ’টো ক্লিপটোত সাংবাদিক গৰাকীৰ হাতত থকা বুম-মাইকটোত V6 ল’গ’ দেখা যায়। আমি  V6 News Telugu-ৰ ইউটিউব চেনেলত “Amit Shah Interview” বুলি keyword search কৰো আৰু ৩.০২ চেকেণ্ডৰ এই ভিডিঅ’টো লাভ কৰো।

২০২০ চনৰ ২৯ নৱেম্বৰত প্ৰকাশিত উক্ত ভিডিঅ’টোৰ ৪০ ছেকেণ্ডত সাংবাদিকজনে অমিত শ্বাহক কেন্দ্ৰীয় চৰকাৰে তেলেংগানাক বানপানীৰ সময়ত সহায় নকৰা বুলি প্ৰশ্ন কৰাত গৃহ মন্ত্ৰী গৰাকীয়ে কয়, ‘’আমি হাইদৰাবাদকে আটাইতকৈ বেছি পইচা দিছো। কিন্তু মোৰ প্ৰশ্ন হ’ল যেতিয়া ৭ লাখতকৈ বেছি মানুহৰ ঘৰত পানী সোমাইছিল তেতিয়া ওৱেইছি আৰু কে চি আৰ ক’ত আছিল?’’

উক্ত ভিডিঅ’ প্ৰতিবেদনটোৰ মতে ২০২০ চনত অনুষ্ঠিত বৃহত্তৰ হায়দৰাবাদ পৌৰনিগমৰ নিৰ্বাচনৰ সময়ত উক্ত সাক্ষাৎকাৰটো গ্ৰহণ কৰা হৈছিল। Hindustan Times-ৰ এই বাতৰিটোৰ মতে ২০২০ চনৰ ২৯ নৱেম্বৰত GHMC নিৰ্বাচনৰ গৃহ মন্ত্ৰী অমিত শ্বাহে হায়দৰাদত বিজেপিৰ এক ৰ’ড শ্বত অংশগ্ৰহণ কৰিছিল।

লগতে পঢ়ক – কৰিমগঞ্জৰ পৰা তিনি গৰাকী বাংলাদেশী নাগৰিকক নিজ দেশলৈ প্ৰত্যাৰ্পন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply