যোৱা দেওবাৰে হায়দৰাবাদত সামৰণি পৰা বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ এদিন পিছতে এটা বিশেষ ভিডিঅ’ সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে। বিজেপিৰ টুপী পৰিহিত একাংশ লোকে মদ বিলাই থকা দেখিবলৈ পোৱা ভিডিঅ’টো স্বেয়াৰ কৰি একাংশই এইয়া হায়দৰাবাদত যোৱা দেওবাৰে প্ৰধান মন্ত্ৰী মোদীৰ বৃহৎ ৰেলীৰ সময়ৰ দাবী কৰিছে।
জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে সোমবাৰে উক্ত ভিডিঅ’টো টুইট কৰি কয়, ‘’বাহ মোদী জি, আপোনাৰ দলে তেলেংগানাকো গোৱা বনাই দিলে! কিযে মজা!’’
তেওঁৰ এই টুইটটো ১২০.৯ হাজাৰতকৈ অধিকবাৰ ভিউ হোৱাৰ লগতে ৩ হাজাৰতকৈ অধিক ৰিটুইট হৈছে।
ফেক্ট-চেক
উল্লেখযোগ্য যে উক্ত ভিডিটোত থকা লোকসকলৰ গাত চুৱেটাৰ, জেকেট আদি গৰম কাপোৰ পিন্ধি থকা দেখা যায়, যিটো জুলাই মাহত ভাৰতত বিশেষকৈ হায়দৰাবাদৰ দৰে এখন ঠাইৰ বাবে এটা নোহোৱা-নোপজা কথা। ভূষণৰ টুইটতো আমি বিভিন্নজনে এইয়া পুৰণা ভিডিঅ’ বুলি ৰিপ্লাই কৰা দেখিবলৈ পাওঁ।
‘’এইটো তেলেংগানাৰ নহয় – তেলেংগানাত কোনেও এনে ডাঠ ঊণৰ কাপোৰ নিপিন্ধে, আৰু তাকো ২০২২ৰ জুলাইত। অনুগ্ৰহ কৰি এই অশুদ্ধ ভিডিঅ’টো ডিলিট কৰি দিয়ক,’’ এজন য়ুজাৰে কয়।
আন এজন য়ুজাৰে কয়, ‘’এইটো পুৰণি ভিডিঅ’ মহাশয়…. অনুগ্ৰহ কৰি আজিকালি এনেধৰণৰ বস্তুৰ ক্ষেত্ৰত সাৱধান হ’ব….’’
আমি ভিডিঅ’টোৰ এটা keyframe-ৰ Google-ত reverse image search কৰি এইটো এটা পুৰণি ভিডিঅ’ বুলি নিশ্চিত হওঁ। আমি ভিডিঅ’টোৰ বহু কেইটা লিংক আৰু এই সম্পৰ্কে আগতে প্ৰকাশ পোৱা বাতৰি লাভ কৰো।
এই একেটা ভিডিঅ’ ২০২১ চনৰ ২০ ডিচেম্বৰত উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হৈছিল।
আনহাতে, ২০২১ চনৰ ২২ ডিচেম্বৰত TEN NEWS –এ প্ৰকাশ কৰা এই YouTube ভিডিঅ’টো –ৰ মতে হৰিদ্বাৰত বিজেপিৰ জে পি নাড্ডাৰ এক ৰেলীৰ সময়ত বিজেপিয়ে মানুহৰ মাজত এনেদৰে মদ বিলাইছিল বুলি যুৱ কংগ্ৰেছে অভিযোগ কৰিছিল।
অৱশ্যে, আচল ঘটনাৰ স্থান আৰু সময়ৰ তথ্য দিয়া কোনো ভিডিঅ’ আমি এইপৰ্যন্ত লাভ কৰা নাই। তথাপি, ২০২১ চনতে ভিডিঅটো ভাইৰেল হোৱাৰ পৰা আমি এইটো নিশ্চিতভাৱে হ’ব পাৰো যে সামাজিক মাধ্যমত দাবী কৰাৰ দৰে এইটো হায়দৰাবাদত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সভাৰ ভিডিঅ’ নহয়।
লগতে পঢ়ক – জলবায়ু পৰিৱৰ্তন, পৰিকল্পনাৰ অভাৱ: অসমৰ বান সমস্যাৰ কাৰণ আৰু সমাধাণৰ বাট