অৰুণাচল প্ৰদেশৰ টাৱাঙত যোৱা ৯ ডিচেম্বৰত ভাৰতীয় সেনা বাহিনী আৰু চীনৰ সৈনিকৰ মাজত সংঘটিত সংঘৰ্ষৰ পিছতে সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছে। যিসকলে ভিডিঅ’সমূহ স্বেয়াৰ কৰিছে তেওঁলোকৰ দাবী যে এইসমূহ দুয়োখন দেশৰ সৈনিকৰ মাজত লগা শেহতীয়া সংঘৰ্ষৰ ভিডিঅ’। অৱশ্যে আমি অনুসন্ধান কৰি এই ভিডিঅ’সমূহ যে পুৰণি আৰু টাৱাঙৰ শেহতীয়া ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই সেয়া জানিব পাৰো।
ভিডিঅ’ ১
সামাজিক মাধ্যমত শ্বেয়াৰ হৈ থকা এই ভিডিঅ’টোত এক বৰফাবৃত ভূমিত দুই পক্ষৰ সৈনিকৰ মাজত হতাহতি লগা দেখা গৈছে। এগৰাকী ইউজাৰে (@RealBababanaras) ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰায় টাৱাঙত ১৫০ জনীয়া এটা ভাৰতীয় সেনাৰ দলে ৩০০ তকৈ অধিক চীনা সৈনিকৰ এটা দলৰ সৈতে যুদ্ধ কৰা বুলি দাবী কৰে। সংঘৰ্ষত প্ৰায় ১০০ গৰাকী চীনা সৈনিক আহত হোৱাৰ বিপৰীতে আঘাটপ্ৰাপ্ত ভাৰতীয় সৈনিকৰ সংখ্যা ২০তকৈ কম বুলি কোৱা হয়। (Archived টুইটৰ বাবে ইয়াত ক্লিক কৰক)

Archived টুইট চাবলৈ ইয়াত আৰু ইয়াত ক্লিক কৰক।
ফেক্ট-চেক
আমি ভিডিঅ’টো InVid tool-ৰ সহায়ত keyframe-ত ভাগ কৰো আৰু Google আৰু Yandex-ত reverse image search কৰো। আমি ২০২০ চনৰ জুনত প্ৰকাশিত একাংশ বাতৰি লাভ কৰো আৰু উক্ত ভিডিঅ’টো সেই সময়ত গলৱানত সংঘটিত ভাৰত-চীন সীমান্ত সংঘৰ্ষৰ প্ৰেক্ষাপটত ইয়াক শ্বেয়াৰ কৰা হৈছিল বুলি জানিব পাৰো। ২০২০ চনৰ ২২ জুনত NDTV-ত প্ৰকাশিত এই বাতৰিটোৰ মতে ভিডিঅ’টো ছিকিমৰ।
আমি নিজাববীয়াকৈ ভিডিঅ’টোৰ প্ৰকৃত স্থান নিৰ্ণয় কৰিব পৰা নাই যদিও এইটো যে এটা পুৰণি ভিডিঅ’ আৰু টাৱাঙৰ শেহতীয়া ঘটনাৰ সৈতে ইয়াৰ যে কোনো সম্পৰ্ক নাই সেই কথা নিশ্চিতভাৱে ক’ব পাৰি।
ভিডিঅ’ ২
টুইটাৰত বিভিন্ন লোক শ্বেয়াৰ কৰা ভিডিঅ’টোত একাংশ ভাৰতীয় সৈন্যবাহিনীক চীনৰ এখন যুদ্ধবাহনত প্ৰহাৰ কৰা দেখা গৈছে। ভিডিঅ’টোত দেখাত চীনৰ এগৰাকী আঘাটপ্ৰাপ্ত সৈনিকক ভাৰতীয় সেনাই আৱদ্ধ কৰি ৰখাও দেখা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে দাবী কৰা মতে এইটো টাৱাঙত ঘটা সংঘৰ্ষৰ ভিডিঅ’।

Archived টুইট চাবলৈ ইয়াত আৰু ইয়াত ক্লিক কৰক।
ফেক্ট-চেক
আমি ভিডিঅ’টো InVid tool-ৰ সহায়ত ভাগ কৰি ইয়াৰ keyframe সমূহৰ ওপৰত reverse image search কৰো আৰু ভিডিঅ’টো ২০২০ চনৰ মে’ মাহৰ পৰা ইনটাৰনেটত ভিডিঅ’টো প্ৰচাৰ হৈ থকা বুলি জানিব পাৰো। Daily Mail (UK)-ত প্ৰকাশিত এই প্ৰতিবেদনৰ মতে ২০২০ চনৰ মে’ত পূব লাডাখৰ পাংগং হ্ৰদৰ পাৰত ভিডিঅ’টো লোৱা লৈছিল।
গতিকে আমি ক’ব পাৰো যে সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰা ভাৰতীয় আৰু চীনা সৈনিকৰ এই ভিডিঅ’সমূহ প্ৰকৃততে পুৰণি আৰু টাৱাঙৰ শেহতীয়া ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
লগতে পঢ়ক – মঙলদৈত উত্তৰ-পূব ভাৰত ডবা খেল প্ৰতিযোগিতা