নিউজ ডেস্কঃ সঁচাকৈ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাগত দিনত শান্তিৰ ন’বেল বঁটা লাভ কৰিব পাৰে নেকি।
ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমত যোৱা কেইদিন মানৰ পৰা প্ৰচাৰ হৈ আছে যে মোদী শান্তিৰ ন’বেল বঁটাৰ বাবে এগৰাকী শক্তিশালী প্রতিদ্বন্দ্বী । আৰু এই মন্তব্যটো নৰৱেৰ ন’বেল কমিটীৰ উপ-মুৰব্বী এছলে ট’জে কৰিছিল বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পায় আছে।
কিন্তু শেহতীয়াকৈ এছলে ট’জে ANI ক জনাই যে, এইয়া এটা ভুৱা টুইট আৰু ভুৱা বাতৰি প্ৰকাশ কৰা হৈছে, মই এই বিষয়ে কোনো মন্তব্য কৰা নাই । আমি এই বিষয়ে আলোচনা নকৰোঁ। মই স্পষ্টভাৱে অস্বীকাৰ কৰোঁ যে মই এই সদৃশ যিকোনো কথা কৈছিলো ।
ANI য়ে ১৬ মাৰ্চ, ২০২৩ ত টুইট কৰা অনুসৰি, এছলে ট’জে কৈছিল যে, ৰাছিয়াক পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিণামৰ বিষয়ে সোঁৱৰাই দিবলৈ ভাৰতৰ হস্তক্ষেপ যথেষ্ট সহায়ক আছিল। ভাৰতে ডাঙৰ মাতত কথা কোৱা নাছিল, কাকো ভাবুকি দিয়া নাছিল, তেওঁলোকে কেৱল বন্ধুত্বপূৰ্ণ ভাৱে তেওঁলোকৰ স্থিতি জনালে। আন্তৰ্জাতিক ৰাজনীতিত আমাক ইয়াৰ অধিক প্ৰয়োজন।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমত প্ৰচাৰ কৰা এই বাৰ্তা এক কথাত সম্পূৰ্ণ ভুৱা হিচাপে প্ৰমাণিত হ’ল এছলে ট’জে শেহতীয়াকৈ মন্তব্য কৰা অনুসৰি।
লগতে পঢ়ক – পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়কলৈ ছেবাৰ জৰুৰী নিৰ্দেশনা