আমাৰ শৰীৰ আৰু মন ভালে ৰখাত এঘুমটি ভাল টোপনি কিমান দৰকাৰী সেই কথা নতুনকৈ কোৱাৰ নিশ্চয় কোনো প্ৰয়োজন নাই। নিশা ভালকৈ টোপনি আহিলে ই আমাৰ পাচন প্ৰক্ৰিয়া শক্তিশালী কৰাৰ লগতে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট বৃদ্ধি কৰে।

দিনটোৰ কৰ্ম ব্যস্ততাৰ অন্তত ৰাতি বিছনাত পৰাৰ পিছত স্বাভাৱিকভাৱেই আমাক টোপনিয়ে হেঁচা মাৰি ধৰে। কিন্তু পৰিৱৰ্তিত জীৱনশৈলীয়ে আমাৰ টোপনিৰ ওপৰত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে, ইয়াৰ এক সচৰাচৰ লক্ষণ হৈছে অনিদ্ৰা বা insomnia।

বহু সময়ত আমি নিদ্ৰাহীনতাক আওকান কৰা দেখা যায় যদিও পিছলৈ ই গুৰুতৰ সমস্যা সৃষ্টি কৰিব পাৰে। বহু সময়ত আমি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লগীয়াও হয়, অৱশ্যে বিভিন্ন ধৰণৰ খাদ্যয়ো আমাক নিদ্ৰাহীনতাৰ পৰা সুফল দিয়াত সহায় কৰে।

তলত এনে ৫ বিধ বিশেষ খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছে –

১. আলমণ্ড (কাঠবাদাম)

আলমণ্ডত প্ৰচুৰ পৰিমাণে মেলাটনিন পোৱা যায় (মেলাটনিন হৈছে এবিধ হৰম’ন যি টোপনি আৰু টোপনিৰ পৰা সাৰ পোৱা চক্ৰটো নিয়ন্ত্ৰণ কৰে)। আলমণ্ডত স্বাস্থ্যৰ বাবে উপকাৰী চৰ্বি, কেলছিয়াম আৰু মেগনেছিয়াম পোৱা যায়। কেলছিয়াম , মেগনেছিয়ামে শৰীৰৰ মাংসপেশী উন্নত কৰাৰ লগতে টোপনি অহাত সহায় কৰে।

২. গৰম গাখীৰ

গাখীৰ এবিধ ভাল নিদ্ৰা উদ্ৰেককাৰী খাদ্য। গাখীৰত টোপনি ভাল কৰা চাৰিবিধ উপাদান – কেলছিয়াম, ভিটামিন ডি, ট্ৰিপ্টোফেন আৰু মেলাটনিন পোৱা যায়।

৩. বাৰ্লি গ্ৰাছ পাউডাৰ

বাৰ্লি গ্ৰাছ পাউডাৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম, জিংক, ট্ৰিপ্টোফেন, পটাছিয়াম, মেগনেছিয়াম আদি টোপনি অহাত সহায় কৰা উপাদান পোৱা যায়। চালাড, কণী, চোপ আদিৰ জৰিয়তে আমি এই উপাদান সমূহ পাব পাৰো।

৪. তুলসী আৰু ছে’জ

তুলসী আৰু ছে’জ (পদিনাজাতীয় এবিধ সুগন্ধী শাক) ভাল টোপনি উদ্ৰেককাৰী শাক। এই দুবিধ শাকে মানসিক চাপ লাঘৱ কৰি মনটোক সতেজ কৰাত সহায় কৰে।

৫. কেমোমাইল চাহ

কেমোমাইল চাহ সেৱনে টোপনি অহাত যথেষ্ট সহায় কৰে ৷ ইয়াত এপিগেনিন নামৰ এণ্টি অক্সিডেণ্ট থাকে যিয়ে অনিদ্ৰা হ্ৰাস কৰি ভাল টোপনি অনাত সহায় কৰে৷ সেয়ে সেৱন কৰা সাধাৰণ চাহৰ পৰিৱৰ্তে কেমোমাইল চাহ খোৱা আৰম্ভ কৰিব পাৰো।

লগতে পঢ়ক – বতৰৰ আগজাননী: উত্তৰ-পূবত ‘অশনি’য়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply