গুৱাহাটী: ৰাজ্যত পুনৰ বৃদ্ধি পাব ধৰিছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ৭৯৭ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ইয়াৰ উপৰি যোৱা ২৪ ঘণ্টাত ৰাজ্যত এজন ক’ভিড ৰোগীৰ মৃত্যু ঘটে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি বুধবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ৮.৪৬ শতাংশ।
বুধবাৰে অসমত ৯,৪২৪ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৭৯৭ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। কালিৰ দিনটোত সুস্থ হৈ উঠা ৬৪৯ জন ক’ভিড ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়, আনহাতে ৰাজ্যত বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে ৫,৬৯০।
বুধবাৰৰ দিনটোত গোৱালপাৰা আৰু শিৱসাগৰত জিলাত সৰ্বাধিক ৭৫ জনকৈ লোক আক্রান্ত হোৱাৰ বিপৰীতে শোনিতপুৰত ৬০ জন, কামৰূপ মহানগৰত ৪৮ জন আৰু ধেমাজিত ৪৫ জন লোক ক’ভিডত আক্রান্ত হৈছে। আনহাতে ক’ভিডত মৃত্যু হোৱা লোকজন হৈছে গোৱালপাৰা জিলাৰ।
উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।