নিউজ ডেস্ক: যোৱা দুমাহত ৰাজ্যত ৮৫ জন লোকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে, স্বাস্থ্য বিভাগে প্ৰকাশ কৰা বুলেটিনত এই তথ্য প্ৰকাশ পাইছে।
স্বাস্ত্য বিভাগৰ তথ্য অনুসৰি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শনিবাৰে মৃত্যু হোৱা এজন লোককে যোৱা ১০ দিনত ৯ জন লোকৰ মৃত্যু হয়।
আনহাতে চলিত বৰ্ষৰ জুলাইৰ পৰা এতিয়ালৈকে ৩৯০ জন লোকৰ মৃত্যু হৈছে বুলি বুলেটিনখনত কোৱা হৈছে। জাপানীজ এনকেফেলাইছিৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জুলাই মাহত জিলা ৰেপিড ৰেচপনছ দল গঠন কৰিছে।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলাৰ স্বাস্থ্য দলসমূহক নিৰীক্ষণ প্ৰক্ৰিয়া অধিক উন্নত কৰিবলৈ আৰু জ্বৰত আক্ৰান্ত ৰোগীৰ বিষয়ে সময়মতে কর্তৃপক্ষক অৱগত কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে।
লগতে পঢ়ক – হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ওলমা ফেন্সিং প্ৰকল্পৰ শুভাৰম্ভনি মন্ত্ৰী অজন্তা নেওগৰ