গুৱাহাটী: অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত এজন লোকৰ মৃত্যু হয়।

মৃত্যু হোৱা লোকজন সোণিতপুৰ জিলাৰ বুলি NHM-ৰ বুলেটিনত প্ৰকাশ পাইছে। উক্ত লোকজনৰ মৃত্যুৰ উপৰি মঙলবাৰে আন চাৰিজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে।

কালি নতুন হোৱা লোক চাৰিজনৰ ভিতৰত দুজন কামৰূপ জিলাৰ আৰু এজনকৈ কোকৰাঝাৰ আৰু তিনিচুকীয়া জিলাৰ।  

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শেহতীয়া তথ্য মতে বৰ্তমান ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা ৩৫৫ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, যোৰহাট, মাজুলী, কাচাৰ , হাইলাকান্দি, নগাঁও, হোজাই, মৰিগাঁও, বৰপেটা, নলবাৰী, বাক্সা, চিৰাং আৰু ওডালগুড়ি জিলাৰ ইয়াৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছে।

উল্লেখযোগ্য যে প্ৰতি বছৰে অসমত শ শ লোক জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াৰ ৰোগত আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্ত হোৱা বেছিসংখ্যাক লোক গ্ৰামাঞ্চলৰ।

লগতে পঢ়ক – চুৰি কৰি থাকোতে আৰক্ষীয়ে জব্দ কৰিলে চিলিণ্ডাৰসহ ট্ৰাক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply