বৰ্তমান সময়ৰ এটা সাধাৰণ সমস্যা হৈছে চুলিৰ সমস্যা। সাধাৰণতে চুলি সৰা, উফি,চুলি ফটা আদিয়ে হৈছে এটা ডাঙৰ সমস্যা।

এই সমস্যাসমূহ আতঁৰাবলৈ বহু ব্যক্তিয়ে ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰে যদিও ভাল ফল পোৱা দেখা নাযায়। কিন্তু ঘৰুৱা উপায়েৰেও এই সমস্যা আতঁৰ কৰিব পাৰি। ঘৰতে উপলব্ধ পিঁয়াজ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব পাৰি।

পিঁয়াজৰ ৰসৰ বহু উপকাৰ আছে। ই চুলি সৰা বন্ধ কৰে, উফি আঁতৰায়, নতুন চুলি গজাত সহায় কৰে। পিঁয়াজৰ ৰসত চালফাৰ থাকে। যিয়ে মূৰৰ ছালত কলাজেন উৎপাদনত সহায় কৰে। এই প্ৰটিন চুলিৰ বৃদ্ধিৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও চুলিৰ শিপা মজবুত কৰে। পিঁয়াজৰ ৰসৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণেও উফিৰ সমস্যা দূৰ কৰে। মূৰৰ ছালৰ তেজৰ সঞ্চালন উন্নত কৰে যিয়ে চুলিক পুষ্টি আৰু অক্সিজেন যোগান ধৰে।

কিন্তু চুলিত পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিব কেনেকৈ! প্ৰথমতে পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি লওক। অলপ থেতেলিয়াই লৈ পৰিষ্কাৰ কাপোৰেৰে ইয়াৰ ৰস চেকি লওক। তাৰ পাচত হাতেৰে চুলিৰ গুৰিত লগায় অলপ মালিচ কৰিব আৰু আধা ঘণ্টা ৰাখি চুলিখিনি চেম্পুৰে ভালদৰে ধুব। কণ্ডিচনাৰ ব্যৱহাৰ কৰিব।

সপ্তাহত এবাৰকৈ পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিব। তাৰ পাছত আপোনাৰ চুলিৰ সমস্যা নাইকীয়া হৈ যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply