নিউজ ডেস্ক: ইউৰোপত মাঙ্কিপক্সৰ সংক্ৰমণে চিকিৎসকসকলক চিন্তিত কৰি তুলিছে। যোৱা কিছু দিনত বৃটেইন, ইটালী, পৰ্টুগাল, স্পেইন আৰু ছুইডেনত বহুকেইটা মাঙ্কিপক্সৰ সংক্ৰমণ ধৰা পৰিছে।

আনহাতে যোৱা বুধবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত এজন লোকৰ দেহত মাঙ্কিপক্সৰ ভাইৰাছ ধৰা পৰে, বিভাগীয় সূত্ৰই জনোৱা মতে উক্ত লোকজনে অলপতে কানাডা ভ্ৰমণ কৰি আহিছিল।

কিদৰে মানুহৰ দেহলৈ এই ভাইৰাছবিধ সংক্ৰমিত হ’ল সেই সম্পৰ্কে চিকিৎসা বিশেষজ্ঞসকল এই পৰ্যন্ত কোনো স্পষ্ট সিদ্ধান্তলৈ আহিব পৰা নাই। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে আফ্ৰিকাৰ বহু কেইখন দেশত প্ৰত্যেক বছৰে সহস্ৰাধিক লোক এই ভাইৰাছত আক্ৰান্ত হয়।

মাঙ্কিপক্সৰ লক্ষণ

মাঙ্কিপক্সৰ লক্ষণসমূহ বসন্ত ৰোগৰ সৈতে যথেষ্ট একে, অৱশ্যে বসন্ত ৰোগৰ তুলনাত ইয়াৰ প্ৰকোপ কম। মাঙ্কিপক্সৰ সাধাৰণ সক্ষণসমূহ হৈছে জ্বৰ, মূৰৰ বিষ, খজুৱতি, শৰীৰৰ বিভিন্ন অংশত ছাল ৰঙা পৰি ঘা লগা, গাৰ বিষ, ফ্লু ইত্যাদি।

মাঙ্কিপক্স কিদৰে বিয়পে

চিকিৎসকৰ মতে মাঙ্কিপক্স এন্দুৰ, শহাপহু, কেৰ্কেটুৱা, বান্দৰ আদি কৃন্তক প্ৰাণীৰ পৰা মানুহৰ দেহলৈ বিয়পে। চিকিৎসকৰ মতে যৌন সম্পৰ্কৰ জৰিয়তেও এই এই ভাইৰাছ বিয়পিব পাৰে। মাঙ্কিপক্স থকা কোনো ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক হ’লে এই ৰোগ বিয়পিব পাৰে বুলি চিকিৎসকে অনুমান কৰিছে।

লগতে পঢ়ক – মহানগৰীৰ চানমাৰীত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণৰ ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply