নিউজ ডেস্কঃ সমগ্ৰ বিশ্বতে মাংকিপক্স ভাইৰাছৰ আশংকা বৃদ্ধি পাইছে। ভাৰতত এতিয়ালৈকে মাংকিপক্সত আক্ৰান্তৰ সংখ্যা ৮ জনলৈকে বৃদ্ধি পাইছে। এজন ৰোগী মাংকিপক্সত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে মাংকিপক্সত ল’বলগীয়া সাৱধানতাক লৈ ৰাজ্যসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰোগটো নিৰীক্ষণ কৰিবলৈ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এটা টাস্ক ফ’ৰ্চও গঠন কৰিছে।
ইতিমধ্যে নীতি আয়োগৰ সদস্য ড০ ভি.কে. পলৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছে। সমিতিখনত স্বাস্থ্য সচিব ৰাজেশ ভূষণ আৰু আন বহুলোক অন্তৰ্ভুক্ত আছে। দিল্লী চৰকাৰে তিনিখন চিকিৎসালয়ক মাংকিপক্সৰ আইচ’লেচন ৱাৰ্ডৰ বাবে নিৰ্দেশ দিছে।মাংকিপক্স বৰ্ধিত প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে।
মাংকিপক্সৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰা উচিত
-মাংকিপক্সত আক্ৰান্ত ৰোগীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
-সংক্ৰমিত ব্যক্তিৰ ওচৰত থাকিলে মাস্ক আৰু হাতমোজা ব্যৱহাৰ কৰিব।
-সময়ে সময়ে চাবোন বা চেনিটাইজাৰে হাত ধুই থাকিব।
-মাংকিপক্স সংক্ৰমিত ৰোগীৰ সৈতে যৌন সম্ভোগ নকৰিব।
মাংকিপক্সৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰা অনুচিত
-মাংকিপক্স ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ সৈতে টাৱেল বা মুখমচা যিকোনো কাপোৰ ব্যৱহাৰ নকৰিব।
-নিজৰ পিন্ধা কাপোৰ সংক্ৰমিত ৰোগীৰ কাপোৰৰ সৈতে একেলগে নুধুব।
-যদি আপোনাৰ শৰীৰত মাংকিপক্সৰ লক্ষণ দেখা দিছে তেনেহ’লে কোনো ৰাজহুৱা অনুষ্ঠান বা সভালৈ নাযাব। আপোনাৰ কাপ আৰু খোৱা খাদ্য মাংকিপক্সত আক্ৰান্ত লোকৰ সৈতে ভাগ-বতৰা নকৰিব।
ৰাষ্ট্ৰসংঘৰ মতে, এই ভাইৰাছটো প্ৰথমতে বান্দৰৰ গাত ধৰা পৰিছিল। ১৯৫৮ চনত এই ভাইৰাছৰ নাম দিয়া হৈছিল মাংকিপক্স। ১৯৭০ চনত কংগোত এগৰাকী ন মহীয়া ছোৱালীৰ দেহত ধৰা পৰিছিল। মাংকিপক্সত সৰ্বাধিক আক্ৰান্তৰ ঘটনা মধ্য আৰু পশ্চিম আফ্ৰিকাৰ অৰণ্যত পোৱা গৈছে। এই অৰণ্যত থকা জীৱ-জন্তুৰ পৰাই মানুহলৈ এই ৰোগ সংক্ৰমিত হোৱা বুলি অনুমান কৰা হৈছে। যিকোনো ব্যক্তি ইয়ালৈ ভ্ৰমণ কৰিলে মাংকিপক্সত আক্ৰান্ত হ’ব পাৰে। মাংকিপক্সৰ লক্ষণবোৰ হৈছে জ্বৰ, প্ৰচণ্ড মূৰৰ বিষ, মাংসপেশী আৰু পিঠিৰ বিষ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, সমগ্ৰ বিশ্বৰ ৭৫ খন দেশত ২২,০০০ ৰোগী মাংকিপক্সত আক্ৰান্ত হৈছে।