নিউজ ডেস্কঃ ‘পানীপুৰী’ অথবা ‘পুছকা’ প্ৰায় সকলোৰে প্ৰিয় এবিধ খাদ্য। কিন্তু এতিয়াৰ পৰা পানীপুৰী খোৱা লোকসকল সাৱধান হওক। বৰ্ষা ঋতু আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন প্ৰকাৰৰ ৰোগৰ আশংকা বৃদ্ধি হয়, যাৰ ভিতৰত এটা ৰোগ হৈছে টাইফইড। কাৰণ পানীপুৰী টাইফয়ড, মেলেৰিয়া, ডায়েৰিয়া, ভাইৰেল জ্বৰৰ বীজাণু সংক্ৰমণৰ বাহক হ’ব পাৰে।

বৰ্তমান টাইফইডে তেলেংগানাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । মে’ মাহত ৰাজ্যখনত টাইফইডত প্ৰায় ২৭০০লোক আক্ৰান্ত হৈছিল। জুন মাহত আক্ৰান্ত হৈছিল প্ৰায় ২,৭৫২ জন। তেলেংগানাৰ এজন শীৰ্ষ স্বাস্থ্য বিষয়া ডাঃ জি শ্ৰীনিবাস ৰাওৱে ৰাজ্যজুৰি টাইফইডত আক্ৰান্ত হোৱাৰ মূল কাৰণ পানী পুৰীক দোষাৰোপ কৰিছে।

তেওঁ বাৰিষাৰ সময়ত লোকসকলক পথৰ দাঁতিৰ খাদ্য বিশেষকৈ পানী পুৰী খোৱাৰ পৰা বিৰত থাকিবলৈ উপদেশ দিছে।

ড০ ৰাৱে এইটোও কয় যে পানী পুৰী বিক্ৰী কৰা দোকানীসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত ধ্যান দিয়াটো উচিত । তেওঁলোকে কেৱল পৰিষ্কাৰ পানীহে ব্যৱহাৰ কৰিব লাগে।  

টাইফয়ড জ্বৰ,মেলেৰিয়া, ডায়েৰিয়া, ভাইৰেল জ্বৰৰ প্ৰধান কাৰণেই হৈছে দূষিত পানী, অপৰিস্কাৰ খাদ্য সেৱন। তেলেংগানাত চলিত বৰ্ষত ডায়েৰিয়াত ৬০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে।

ভাৰতত বৰ্ষা ঋতু আৰম্ভ হৈছে। এই সময়ছোৱাত লেতেৰা পানী আৰু খাদ্যৰ বাবে টাইফইড আৰু জণ্ডিচৰ দৰে বেক্টেৰিয়াত লোকসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। এই ঋতুত পৰিচ্ছন্নতাৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ । খাদ্য খোৱাৰ আগতে আৰু ৱাছৰুম ব্যৱহাৰ কৰাৰ পিছত হাতখন ভালদৰে ধোৱাটো উচিত। মুকলিকৈ থকা পানী যাতে কোনেও নাখাই আৰু খোৱা পানী সদায় উতলাই ঠাণ্ডা কৰিহে খোৱাৰ পৰামৰ্শ দিছে ডাঃ জি শ্ৰীনিবাস ৰাওৱে ।

লগতে বাৰিষাৰ সময়ছোৱাত চিংৰা, পানীপুৰীকে আদিকে ধৰি পথৰ দাঁতিৰ বিভিন্ন খাদ্য পৰিহাৰ কৰিবলৈ ৰাওৱে পৰামৰ্শ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply