নিউজ ডেস্ক- কচুশাক অসমীয়া লোকৰ থলুৱা খাদ্য। ই আমাৰ প্ৰত্যকৰে বাৰীত সহজে হোৱা এবিধ শাক। কচু শাকত আইৰণ, ভিটামিন B6, A আৰু ফলেট আদি পোৱা যায়। সাধাৰণতে আমাৰ সমাজত কেঁচুৱা জন্মৰ ৩ বা ৫ দিনত কচু থুৰিৰ জালুকীয়া খাবলৈ দিয়া হয়। কচু শাকত ৰোধ প্ৰতিৰোধৰ ক্ষমতা থাকে। কচু শাকৰ উপকাৰীতাসমূহ জানো আহক-
১/ কচু শাকত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে। যাৰ বাবে চকুৰ বাবে খুবেই এইবিধ শাক খুউব উপকাৰী। দৃষ্টিশক্তিৰ দুৰ্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰে।
২/ কচু শাকত প্ৰচুৰ পৰিমাণে আইৰণ,ভিটামিন B6 আৰু ফলেট থাকে। সেইবাবে ৰক্তহীনতা ৰোগত কচু শাক বহু উপকাৰী। কিয়নো ইয়াত কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।
৩/ কচুত থকা মিথিয়নিন আৰু আহে কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যাৰ বাবে ই বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
৪/ কচু শাক উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত উপকাৰী। ইয়াত থকা পটাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। আৰু ইয়াত থকা ভিটামিন B6 এ হ’ম’চিষ্টিন নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক হোৱাত ই বাধা প্ৰদান কৰে।
৫/ কচু শাকত থকা কেলচিয়ামে আমাৰ দেহৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।
৬/ কচু শাক গৰ্ভৱতী তিৰোতাৰ বাবে বহু উপকাৰী। কাৰণ ইয়াত আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে।