প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: দেশত ক’ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে কেৰেলাত ‘টোমেটো ফ্লু’ নামৰ এক অচিন ৰোগে আতংকৰ সৃষ্টি কৰিছে। এতিয়ালৈকে ৰাজ্যখনত ৫ বছৰৰ তলৰ ৮০টা শিশুৰ শৰীৰত এই ৰোগ ধৰা পৰিছে।

ৰাজ্য খনৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কেৰালা চৰকাৰে এটা ২৪ জনীয়া চিকিৎসকৰ দল গঠন কৰি উক্ত ৰোগৰ চিকিৎসা তথা অন্যান্য বিষয়ৰ তদাৰকী আৰম্ভ কৰিছে।

আনহাতে তামিলনাডু চৰকাৰে ইতিমধ্যে দুয়োখন ৰাজ্যৰ সীমান্তৰ ৱালায়াৰত এটা চিকিৎসকৰ দল প্ৰেৰণ কৰি কেৰেলাৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে।

টোমেটো ফ্লুৰ লক্ষণ

টোমেটো ফ্লুত আক্ৰান্ত হোৱা সকলৰ দেহত বিলাহীৰ দৰে ৰঙা ৰঙা ফোঁহা ওলায়।

ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা শিশুসকল জ্বৰত ভোগাৰ লগতে তেওঁলোকৰ ছালৰ জ্বলা-পোৰা, ডায়েৰিয়া, ভাগৰ লগা, শৰীৰৰ বিষ, ছালত ৰঙা ফোঁহা ওলোৱা আদি লক্ষণ দেখা যায়।

চিকিৎসা বিষয়াসকলে এই ৰোগৰ কাৰণসমূহ জানিবলৈ গৱেষণা চলাই আছে যদিও এতিয়ালৈকে তেওঁলোকে ইয়াৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰিব পৰা নাই।

লগতে পঢ়ক – ‘মিছন বসুন্ধৰা’ অভিলাষী আঁচনিৰ সফল ৰূপায়নত চৰাইদেউ জিলাই দখল কৰিলে প্ৰথম স্থান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply