মূল লেখক -Monica Wahengbam

যৌনতাৰ ক্ষেত্ৰত ভাৰত আজিও এখন ৰক্ষণশীল সমাজ। ইয়াত প্ৰাপ্তবয়স্কসকলৰ মাজত প্ৰায়ে যৌনতা সম্পৰ্কে কথা পতা বা আলোচনা আদি কৰাৰ প্ৰতি এক এৰা দিয়া মনোভাৱ দেখা যায়। ফলত (১০ৰ পৰা ১৯ বছৰ বয়সৰ) কিশোৰ-কিশোৰীসকল পূৰ্ণাংগ যৌন শিক্ষাৰ পৰা বঞ্চিত হ’ব লগীয়া হয়। এনে শিক্ষাই তেওঁলোকক কেৱল যৌনতাৰ বিষয়ে শিকোৱাই নহয় বৰঞ্চ নিজৰ স্বাস্থ্য, সুস্থতা আৰু অধিকাৰৰ প্ৰতি সজাগ আৰু সতৰ্ক হ’বলৈ তেওঁলোকক প্ৰস্তুত কৰি তোলে।

কিশোৰ-কিশোৰীসকলক পূৰ্ণাংগ যৌন শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখি আমি ডাঙৰ মূল্য ভৰি আছো। উত্তৰ-পূবকে ধৰি সমগ্ৰ ভাৰতৰ জনসংখ্যাৰ প্ৰায় এক-পঞ্চমাংশই হৈছে কিশোৰ-কিশোৰী। চাৰি দশক পূৰ্বেই ভাৰতত মহিলাৰ বিবাহৰ বয়স ১৮ বছৰ আৰু পুৰুষৰ ২১ বছৰ কৰি আইন কৰা হৈছিল যদিও এতিয়াও ভাৰতত বাল্য বিবাহ ব্যাপকভাৱে প্ৰচলিত।

পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (NFHS-5)-ৰ তথ্য মতে ভাৰতত ২০ৰ পৰা ২৪ বছৰ বয়সৰ ২৩ শতাংশ মহিলাই ১৮ বছৰত ভৰি দিয়াৰ আগতেই বিবাহপাশত হৈছিল। আনহাতে উত্তৰ-পূবৰ ছবিখন আৰু দুখলগা, ত্ৰিপুৰাত ৪০.১ শতাংশ মহিলা ১৮ বছৰ বয়সৰ আগতে বিবাহপাশত আৱদ্ধ হোৱাৰ বিপৰীতে অসমত ৩১.৮ শতাংশ মহিলা ১৮ বছৰ নহওঁতেই বিয়াত বহিছিল। মণিপুৰত বাল্য বিবাহ ২০১৫-১৬ বৰ্ষত ১৩.৭ শতাংশৰ পৰা ২০১৯-২১ বৰ্ষত ১৬.৩ শতাংশলৈ বৃদ্ধি পাইছে।

একেদৰে অকালতে গৰ্ভধাৰণ কৰাৰ ক্ষেত্ৰতো উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰিস্থিতি ভাল নহয়। সৰ্বভাৰতীয় স্তৰত ৬.৮ শতাংশ মহিলা ১৫-ৰ পৰা ১৯ বছৰৰ ভিতৰত গৰ্ভৱতী হোৱাৰ বিপৰীতে উত্তৰ-পূবৰ চাৰিখন ৰাজ্য (অসম. মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা)-ৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি। ত্ৰিপুৰাত কিশোৰীৰ গৰ্ভৱতীৰ হাৰ সৰ্বাধিক ২১.৯ শতাংশ আৰু মেঘালয়ত ৭.২ শতাংশ। আনহাতে, ভাৰতত ১৫ৰ পৰা ২৪ বছৰ বয়সৰ ২৩ শতাংশ মহিলাই ঋতুস্ৰাৱৰ সময়ত কোনোধৰণৰ স্বাস্থ্যসন্মত পদ্ধতি গ্ৰহণ নকৰে। অসমত এই হাৰ ৩৪ শতাংশ আৰু মেঘালয় আৰু ত্ৰিপুৰাত ক্ৰমে ৩৫ আৰু ৩১ শতাংশ।

কৈশোৰকালত কিশোৰ-কিশোৰীসকলৰ মাজত দৈহিক পৰিৱৰ্তনৰ লগতে এই সময়ছোৱাত তেওঁলোকে মানসিক আৰু আৱেগিক পৰিৱৰ্তনো অনুভৱ কৰে। যৌনতাক লৈ থকা সামাজিক stigma বাবে গৰ্ভধাৰণ (conception), গৰ্ভনিৰোধক (contraception), সম্পৰ্ক (relationship), সন্মতি (consent), লিংগ (gender) আদি বিষয়সমূহৰ প্ৰতি কিশোৰ-কিশোৰীসকলৰ মনত থাকিব পৰা প্ৰশ্নবোৰ প্ৰায়ে কোনো উত্তৰ নোপোৱাকৈ থাকি যায় বা বহু সময়ত কিছুমান ভূল আৰু অবিজ্ঞানসন্মত কথাৰ দ্বাৰা পৰিচালিত হয়।

ডিজিটেল সঁজুলি ব্যৱহাৰ কৰাৰ সুবিধা বাঢ়ি অহাত ই কিশোৰ-কিশোৰীসকলক যৌনতা, যৌন বাসনা আৰু যৌন স্বাস্থ্য সম্পৰ্কে অধিক জনাৰ সুযোগ প্ৰদান কৰে। অৱশ্যে, অনলাইন জগতখনৰ এটা বেয়া দিশো আছে। যোৱা বছৰ, এক অধ্যয়নত প্ৰকাশ পোৱা মতে ৪৭ শতাংশ ভাৰতীয় কিশোৰ-কিশোৰীৰ “মধ্যমীয়া” ইণ্টাৰনেট আসক্তি থকাৰ বিপৰীতে ২৪ শতাংশৰ “উচ্চ” স্তৰৰ ইণ্টাৰনেট আসক্তি আছে। তদুপৰি আমি ক্ৰমাৎ চাইবাৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাই অহা দেখিছো, এনে অপৰাধৰ বলি হোৱা বহু ভুক্তভোগীয়ে আজীৱন তাৰ আঘাত কঢ়িয়াই ফুৰিব লগীয়া হ’ব পাৰে।

২০১৮ চনৰ এক প্ৰতিবেদনত উল্লেখ কৰা মতে ৩৭% ভাৰতীয় অভিভাৱকে তেওঁলোকৰ সন্তান চাইবাৰ উৎপীড়নৰ সন্মুখীন হৈছে বুলি নিশ্চিত কৰিছে। কোভিড- ১৯ মহামাৰী আৰু ইয়াৰ ফলত আহি পৰা অনলাইন শিক্ষাৰ বাবে শিশু আৰু কিশোৰসকলে এতিয়া অনলাইনতে অধিক সময় পাৰ কৰে। ভাৰতত চাইবাৰ উৎপীড়নৰ ওপৰত কোভিড-১৯ৰ প্ৰভাৱৰ ওপৰত কৰা এক অধ্যয়নত উল্লেখ কৰা হৈছে যে লকডাউনৰ সময়ছোৱাত প্ৰায় ৮০ শতাংশ কিশোৰ (১৭ৰ পৰা ১৮ বছৰ বয়সৰ) চাইবাৰ উৎপীড়নৰ সম্মুখীন হৈছিল। সমগ্ৰ বিশ্বৰ লগতে ভাৰতত যুৱচামৰ মাজত মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি পাব ধৰিছে।

এই সমস্যাবোৰৰ মোকাবিলা কৰিবলৈ আমাক অধিক ডিজিটেল সমাধানৰ প্ৰয়োজন। এটা উপায় হৈছে কিশোৰচামৰ বাবে অনলাইনত অধিক নিৰাপদ ঠাইৰ সৃষ্টি কৰা। Population Foundation of India-ত আমি এক artificial intelligence চালিত চেটবট (chatbot) “SnehAI” ডেভেলপ কৰিছোঁ, ই প্ৰমাণৰ ওপৰত ভিত্তি কৰি তথ্য প্ৰদান কৰে আৰু এক নিৰাপদ পৰিৱেশত গোপনীয়তা বৰ্তাই গৰ্ভনিৰোধ, সুৰক্ষিত যৌনক্ৰিয়া, আৰু কিশোৰৰ যৌন আৰু প্ৰজনন স্বাস্থ্য সম্পৰ্কীয় বিষয়বোৰৰ সম্পৰ্কত থকা অবাস্তৱ তথা ভুল ধাৰণাবোৰক আঁতৰ কৰে।

উক্ত চেটবটটো End Violence Against Children নামৰ এক সংস্থাৰ সৈতে মিলি যুটীয়াভাৱে প্ৰস্তুত কৰা হৈছিল। End Violence Against Children হৈছে বিভিন্ন দেশৰ চৰকাৰ, ৰাষ্ট্ৰসংঘৰ কেতবোৰ সংস্থা, গৱেষণা প্ৰতিষ্ঠান, আন্তৰ্জাতিক বেচৰকাৰী সংগঠন, ফাউণ্ডেচন, স্থানীয় চি এছ অ’ আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন গোটকে ধৰি ৭০০-ৰ অধিক সংগঠনৰ এক উমৈহতীয়া সংস্থা।

বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দুই ধৰণৰ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে কিশোৰ-কিশোৰীসকলৰ কাষলৈ যোৱাটো দৰকাৰী। কিশোৰ-কিশোৰীসকলৰ জীৱনত প্ৰভাৱ পেলোৱা লোক যেনে অভিভাৱক, শিক্ষক, স্থানীয় চৰকাৰী প্ৰতিষ্ঠান আদিক জড়িত কৰি তেওঁলোকৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে এক সুস্থ পৰিৱেশ গঢ় দিব পাৰি।

Population Foundation of India’s Educately.org – নামৰ কিশোৰৰ স্বাস্থ্য আৰু কল্যাণ বিষয়ক তথ্য থকা এটা open-access edtech প্লেটফৰ্মে শিক্ষক আৰু শিক্ষাবিদসকলৰ বাবে কিশোৰ-কিশোৰীসকলৰ লগত তেওঁলোকৰ স্বাস্থ্য আৰু কল্যাণৰ বিভিন্ন দিশ সম্পৰ্কে কথা পতাৰ এক অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়ায়।

কেৱল তথ্য প্ৰচাৰৰ ক্ষেত্ৰতে নহয়, কাউন্সেলিং আৰু অন্যান্য প্ৰকাৰৰ সেৱা প্ৰদানৰ ক্ষেত্ৰতো যে প্ৰযুক্তিয়ে এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে সেই কথা কোভিড মহামাৰীয়ে প্ৰমাণ কৰি দেখুওৱালে। আমি যদি কিশোৰ-কিশোৰীসকলৰ বাবে পূৰ্ণাংগ যৌন শিক্ষাক সাৰ্বজনীন কৰিব বিচাৰিছো তেতিয়াহলে আমি অনলাইন আৰু অফলাইন দুয়োধৰণৰ প্ৰচেষ্টাই গ্ৰহণ কৰিব লাগিব।

(ইংৰাজীত পঢ়িবলৈ ইয়াত ক্লিক কৰক।)

লগতে পঢ়ক – NIRF Ranking 2022: শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকাত অষ্টম স্থানত আইআইটি গুৱাহাটী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply