নিউজ ডেস্ক: আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাত ব্যৱহাৰৰ অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৩১ মে’ৰ দিনটোক ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়।

উল্লেখযোগ্য যে ধঁপাত ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ দেশ বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। ই বৰ্তমান আমাৰ সমাজৰ সকলো স্তৰতে শিপাই পৰিছে।  

এবাৰ ধঁপাতৰ ব্যৱহাৰ বা ধঁপাত সেৱনৰ অভ্যাসৰ প্ৰতি আসক্ত হোৱাৰ পিছত ইয়াৰ পৰা নিজকে আঁতৰাই অনাতো যথেষ্ট কঠিন হৈ পৰে। অৱশ্যে ইচ্ছা কৰিলে আমি এই অভ্যাসৰ পৰা নিজকে মুক্ত কৰিব পাৰো।

এই অভ্যাসৰ পৰা নিজকে আঁতৰাই ৰখাৰ উদ্দেশ্যে তলত কেইটামান টিপ্ছ আগবঢ়োৱা হৈছে –

এটা কাৰণ বিচাৰক আৰু চিৰদিনৰ বাবে ইয়াক বাদ দিয়ক

এনে এটা কাৰণ বিচাৰক যি আপোনাক ধপাত সেৱন বা ধপাতৰ ব্যৱহাৰ বাদ দিবলৈ উৎসাহিত কৰে। এবাৰ আপুনি সেই কাৰণ বিচাৰি পোৱাৰ পিছত চিগাৰেটৰ সংখ্যা কমাই অনাৰ পৰিৱৰ্তে একেবাৰতে চিগাৰেট বা ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ অভ্যাস ত্যাগ কৰক।

নিজকে ব্যস্ত ৰাখক

চিগাৰেট সেৱন সম্পূৰ্ণৰূপে বাদ দিয়াৰ প্ৰথম সময়ছোৱা বহুতৰ বাবে যথেষ্ট কষ্টকৰ হ’ব পাৰে। আমাৰ মনলৈ যাতে চিগাৰেট সেৱনৰ কথা আহি নাথাকে তাৰ বাবে আমি নিজকে কিবা নহয় কিবা কামত ব্যস্ত ৰাখিব লাগে।

চুইংগাম বা কিবা পাতল বস্তু খাব পাৰে

যেতিয়া কোনো লোক ধঁপাতৰ প্ৰতি আসক্ত হয় তেওঁলোক কেৱল নিক’টিনত আসক্ত নহয় অনবৰতে তেওঁলোকে মুখৰ ভিতৰত কিবা এটা সোমাই ৰাখিব খোজে। সেয়ে চিগাৰেট সেৱনৰ কথা মনলৈ আহিলে আমি চুইংগাম বা ফল আদি খাই এনে চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰো।

যথেষ্ট পৰিমাণে পানী খাওক

আমাৰ শৰীৰক দৈনিক যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়। যেতিয়া এজন লোকে ধঁপান সেৱনৰ অভ্যাস ত্যাগ কৰে তেতিয়া পানীয়ে তেওঁৰ শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে।

শাৰীৰিক অনুশীলন কৰক

শাৰীৰিক অনুশীলনে নিক’টিন উইথড্ৰলৰ লক্ষণ বা নিক’টিন আসক্তিৰ তীব্ৰতা লাঘৱ কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা আমি মানসিক অৱসাদৰ পৰা নিজকে আঁতৰাই ৰখাৰ লগতে মনটোক সতেজ কৰি ৰাখিব পাৰো।

মদ্যপান বা তেনে কাৰ্য্য এৰাই চলক

আপুনি যদি মদ্যপান কৰে তেন্তে চিগাৰেট সেৱন নকৰাকে থকাতো আৰু অধিক কঠিন হৈ পৰে। একেদৰে আপুনি যদি প্ৰায়ে কফি খাই তেতিয়াও একে হয়। ইয়াৰ উপৰি আমি চিগাৰেট খোৱা ঠাই বা তেনে পৰিৱেশ বিলাকে আমাক চিগাৰেট সেৱন কৰিবলৈ প্ৰণোদিত কৰে। সেয়ে এনে ঠাই বা পৰিৱেশৰ পৰা পাৰিলে নিজকে আঁতৰাই ৰাখক।

লগতে পঢ়ক – ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply