প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: বিশ্ব বিখ্যাত The Lancet জাৰ্নল প্ৰকাশিত এক অধ্যয়ন অনুসৰি, মধ্যবয়স্ক বা বয়সস্থ লোকসকলৰ তুলনাত কম বয়সৰ লোকসকলৰ ক্ষেত্ৰত সুৰা সেৱনৰ ফলত স্বাস্থ্যৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। উক্ত অধ্যয়নৰ মতে সমগ্ৰ বিশ্বতে ১৫-ৰ পৰা ৩৯ বছৰ বয়সৰ পুৰষৰ মদ্যপানৰ ফলত স্বাস্থ্যৰ হানি হোৱা সম্ভৱানা আটাইতকৈ বেছি।

আনহাতে, অধ্যয়নটোৰ মতে ৪০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলে দৈনিক কম পৰিমাণে সুৰাপান কৰিলে ডায়েবেটিছ, স্ট্ৰোক, হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ সম্ভৱনা বহুখিনি হ্ৰাস পাব পাৰে।

২০৪ খন দেশত চলোৱা অধ্যয়নটোত গৱেষকসকলে ২০২০ চনত ১.৩৪ বিলিয়ত লোকে শৰীৰৰ বাবে ক্ষতিকাৰক পৰিমাণৰ সুৰাপান কৰা বুলি প্ৰকাশ কৰিছে। প্ৰত্যেক অঞ্চলতে জোখতকৈ অধিক মাত্ৰাত সুৰাপান কৰা লোকসকল ১৫-ৰ পৰা ৩৯ বছৰ বয়সৰ যুৱক বুলি অধ্যয়নটোত প্ৰকাশ পাইছে।

এই বয়সৰ লোকসকলৰ প্ৰায় ৬০ শতাংশই অত্যাধিক সুৰাপান কৰি পথ দুৰ্ঘটনা, আত্মহত্যা, হত্যা আদি কাণ্ডত লিপ্ত হোৱা বুলি অধ্যয়নটোত লগতে কোৱা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ মেট্ৰিকছ এণ্ড ইভেল্যুৱেচন (IHME)ৰ অধ্যাপক, জ্যেষ্ঠ লেখিকা Emmanuela Gakidou-এ কয়, “আমাৰ বাৰ্তাটো সৰল: কম বয়স্কসকলে সুৰাপান কৰিব নালাগে, অৱশ্যে বয়োজ্যেষ্ঠ লোকসকলে কম পৰিমাণৰ সুৰাপান কৰি উপকৃত হ’ব পাৰে।”

“যদিও যুৱ প্ৰাপ্তবয়স্কসকলে সুৰাপানৰ পৰা বিৰত থাকিব বুলি ভবাটো বাস্তৱিক নহ’ব পাৰে, আমি ভাবো শেহতীয়া প্ৰমাণবোৰ জনোৱাটো গুৰুত্বপূৰ্ণ যাতে সকলোৱে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে জ্ঞাত হৈ সঠিক সিদ্ধান্ত ল’ব পাৰে,” গাকিডুৱে কয়।

গৱেষকসকলে ২০৪ খন দেশত ১৯৯০ আৰু ২০২০ চনত ১৫-ৰ পৰা ৯৫ বছৰ অতিক্ৰম কৰা পুৰুষ আৰু মহিলাৰ বাবে ২০২০ চনৰ Global Burden of Disease-ৰ তথ্য ব্যৱহাৰ কৰি আঘাত, কাৰ্ডিওভাস্কুলাৰ ৰোগ, আৰু কৰ্কট ৰোগকে ধৰি সুৰাপানৰ ফলত হ’ব পৰা ২২টা স্বাস্থ্যজনিত সমস্যাৰ ওপৰত অধ্যয়ন কৰিছিল।

অধ্যয়নটোৱে সুৰাপান কৰা এজন ব্যক্তিয়ে সুৰাপান নকৰা ব্যক্তিৰ তুলনাত স্বাস্থ্যৰ বেছি ক্ষতি নকৰাকৈ কিমান পৰিমাণৰ সুৰা গ্ৰহণ কৰিব পাৰে সেয়াও তুলনা কৰিছিল।

গৱেষকসকৰ মতে স্বাস্থ্য অৱনতি নঘটাকৈ ১৫-ৰ পৰা ৩৯ বছৰ বয়সৰ লোকসকলে দিনে ০.১৩৬ ষ্টেন্ডাৰ্ড ড্ৰিংক গ্ৰহণ কৰিব পাৰে, এইয়া এটা ষ্টেন্ডাৰ্ড ড্ৰিংকৰ এক দশমাংশতকৈ অলপ বেছি। একে বয়সৰ মহিলাসকলৰ ক্ষেত্ৰত এই পৰিমাণ পুৰুষৰ তুলনাত অলপ বেছি (দিনে ০.২৭৮ ষ্টেন্ডাৰ্ড ড্ৰিংক)। ১০ গ্ৰাম বিশুদ্ধ এলকহল (alcohol)-ক এটা ষ্টেন্ডাৰ্ড ড্ৰিংক হিচাপে ধৰা হয়। সেই হিচাপত ১৩ শতাংশ এলকহল থকা ১০০ এম এল গ্লাছৰ ৰেড ৱাইন, ৩.৫ শতাংশ এলকহল থকা ৩৭৫ এম এলৰ বিয়েৰ কেন বা বটল, ৪০ শতাংশ এলকহলসহ ৩০ এম এলৰ হুইস্কিৰ স্বটক ষ্টেন্ডাৰ্ড ড্ৰিংক হিচাপে ধৰা হয়।

লগতে পঢ়ক – Presidential Election 2022: দ্ৰৌপদী মুৰ্মু Vs যশৱন্ত সিনহা! আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply