ভাৰতীয় ৰেলৱেৰ পশ্চিম চেন্ট্ৰেল ৰে’লৱেৰ অধীনস্থ ৰে’লৱে ৰিক্ৰুইটমেণ্ট বিভাগৰ ফালৰ পৰা এক বিজ্ঞপ্তি যোগে এপ্ৰেণ্টিছ পদত নিয়োগৰ বাবে আবেদনপত্ৰ বিচৰা হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই সম্পৰ্কে অধিক জানিবলে প্ৰাৰ্থীসকলে ৱেষ্ট চেন্ট্ৰেল ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট wcr.indianrailways.gov.in লৈ গৈ জানিব পাৰিব।

প্ৰকাশিত বিজ্ঞাপন অনুসৰি, আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১১ অক্টোবৰৰ পৰা। প্ৰাৰ্থীসকলে ১০ নৱেম্বৰ ২০২১লৈ আবেদনপত্ৰ জমা দিব পাৰিব। আবেদন পত্ৰ জমা দিব লাগিব অনলাইনত। অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ পোৱা যাব।

বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে, মুঠ ২২২৬টা খালী পদ আছে। শিক্ষাগত অৰ্হতা দশম শ্ৰেণীত ৫০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱা বিচৰা হৈছে |

ইয়াৰ লগতে প্ৰাৰ্থীসকলৰ NCVT বা SCVTৰ দ্বাৰা ইছ্যু কৰা নেচনেল ট্ৰেড চাৰ্টিফিকেট থকাটো বাঞ্চনীয়।

আবেদনৰ বাবে বয়সৰ সীমা
১৫ৰ পৰা ২৪ বছৰৰ সময়সীমা ধাৰ্য কৰা হৈছে।

এছটি, এছচি, শাৰীৰিকভাৱে প্ৰতিবন্ধী আৰু মহিলা প্ৰাৰ্থীৰ বাদে সকলো প্ৰাৰ্থীৰ আবেদন মাচুল ১০০ টকা ধাৰ্য কৰা হৈছে। প্ৰাৰ্থীসকলে অনলাইনতো এই মাচুল জমা দিব পাৰিব।

লগতে পঢ়কঃ গোসাঁইগাৱত ট্ৰাকৰ তেলৰ টেংকীত ওলাল ১০ কোটি টকা মুল্যৰ আফিং

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,324 other subscribers

Leave a comment

Leave a Reply