আমেৰিকান ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান 'Pfizer' ৰে সদৰী কৰে এই তথ্য

নিউজ ডেস্ক – বিশ্ববাসীৰ বাবে সু-খবৰ। শীঘ্ৰেই আমেৰিকান ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘Pfizer’ বিশ্ববাসীৰ বাবে উপলব্ধ কৰাব কৰ’না ভাইৰাছৰ ভেকচিন।

এই অপেক্ষা অতি সোনকালেই শেষ হোৱাৰ দিশত বুলি ‘Pfizer’য়ে জনাইছে। এই ভেকচিনক লৈ ক্লিনিকেল ট্ৰায়েল ইতিমধ্যে আৰম্ভ হৈছে।

৪৪০০০ লোকৰ ওপৰত এই ভাইৰাছৰ পৰীক্ষণ সম্পন্ন হৈছে। ইতিমধ্যে এই ভেকচিনৰ পৰীক্ষণ ৯০ শতাংশই সফলভাৱে সম্পন্ন হৈছে।

আমেৰিকান ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘PFIZER’ য়ে জাৰ্মান কম্পেনী ‘Bio N tech’ ৰ সহযোগিতাত এই ভেকচিন প্ৰস্তুত কৰিছে।

এই প্ৰতিষেধক কৰোণা ভাইৰাছত সংক্ৰমিত হোৱা ৯৪শতাংশ লোকৰ ৯০শতাংশই সফল হৈছে। বৰ্তমান ভেকচিনৰ পৰীক্ষণ কৰি থকা হৈছে। অতি সোনকালেই এই ভেকচিনে মঞ্জুৰী লাভ কৰিব।

পিছে এই ভেকচিনে কৰ’নাৰ বিৰুদ্ধে দীৰ্ঘ সময়ৰ বাবে ৰোগ-প্ৰতিৰোধ ক্ষমতা বিকাশ কৰিব পাৰিব নে নাই সেইটো এতিয়াও ক্লিনিকেল ট্ৰায়েলৰ দ্বাৰা স্পষ্ট হোৱা নাই।

২০২০ চনৰ ভিতৰত 5 কোটি ভেকচিন প্ৰস্তুত কৰা হ’ব বুলি ‘FPIZER’য়ে জনাইছে।তাৰ বিপৰীতে পিছৰ বছৰ 1.3বিলিয়ন এই ভেকচিন প্ৰস্তুত কৰা হ’ব বুলি ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে জনায়।

ভাৰতত এই ভেকচিন উপলব্ধ হ’ব নে নাই এই সন্দৰ্ভত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে জনায় যে এই ভাৰতত এই ভেকচিন সংৰক্ষণৰ ক্ষেত্ৰত সমস্যা হ’ব ।

-৯৪ডিগ্ৰী তাপমাত্ৰাত হে এই ভেকচিন সংৰক্ষণ কৰিব পৰা যাব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply