নিউজ ডেস্ক: দেশত ভয়াবহ ৰূপ লৈছে দ্বিতীয় পৰ্যায়ৰ কৰোনাৰ সংক্ৰমনে । যোৱা ২৪ ঘন্টাত ১২৬,৭৮৯ জন লোক আক্ৰান্ত হৈছে । ইয়াৰে ভিতৰত সৰ্বাধিক ৫৯,৯০৭ জন লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ছত্তিছগড়তো আক্ৰমনৰ সংখ্যাই ১০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে । সেইদৰে কৰ্ণাটক আৰু উত্তৰ প্ৰদেশত ৬ হাজাৰতকৈও অধিক লোক কৰোনাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘন্টাত দেশত ৬৮৫ জনৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে । দেশত এতিয়ালৈকে সক্ৰিয় হৈ থকা কেছৰ সংখ্যা ৮,৪৩,৪৭৩ গৰাকী ।

ভাৰতত কৰোনাৰ সংক্ৰমন বৃদ্ধি পোৱালৈ চাই নিউজিলেন্ডৰ প্ৰধানমন্ত্ৰীয়ে অস্থায়ী ভাবে ভাৰতৰ পৰা যোৱা লোকৰ প্ৰবেশ নিষিদ্ধ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কৰোনা ভেকচিনৰ দ্বিতীয় পালি ঔষধ আজি এইমচ ল’ব । প্ৰধানমন্ত্ৰীয়ে প্ৰথম পালি ঔষধ যোৱা ১ মাৰ্চত লৈছিল ।

আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কোৰোণা ভাইৰাছৰ বৰ্ধিত ঘটনা আৰু ইয়াৰ বিৰুদ্ধে অব্যাহত থকা টিকাকৰণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব। কোৰোণাৰ বৰ্ধিত ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্বিগ্নতাৰ বিষয়ে এই কথাৰ পৰা অনুমান কৰিব পাৰি যে প্ৰধানমন্ত্ৰী মোদীয়ে সপ্তাহটোৰ ভিতৰত দ্বিতীয়বাৰলৈ বৈঠকত বহিব।
৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে কোৰোণাৰ বৰ্ধিত ঘটনাক লৈ এক উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছিল, য’ত মোদীয়ে কৈছিল যে কোভিড–১৯ৰ শেহতীয়া সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাজ্যসমূহে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। লগতে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচস্তৰীয় ৰণনীতি টেষ্টিং, ট্ৰেছিং, ট্ৰিটমেণ্ট, কোভিড ব্যৱহাৰ আৰু টিকাকৰণক গুৰুত্ব সহকাৰে আৰু বাধ্যতামূলকভাৱে কাৰ্যকৰীকৰণৰো পৰামৰ্শ দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply