পোলেণ্ডৰ কিয়েলচত অনুষ্ঠিত আইবা (AIBA) য়ুথ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ কিশোৰীসকলে ইতিসাহ ৰচনা কৰিলে।

প্ৰতিযোগিতাখনৰ মহিলাৰ ১০টা ৱেট কেটেগুৰিৰ ভিতৰত ৭টা শাখাতে ভাৰতে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়।

আটাইকেইগৰাকী বক্সাৰেই অতি আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি তেওঁলোকৰ প্ৰতিপক্ষসকলক ধৰাশায়ী কৰে। 

৪৮ কেজিৰ লাইট ফ্লাইৱেট শাখাৰ ফাইনেলত ভাৰতৰ গীতিকাই পোলেণ্ডৰ নাতালিয়া ডমিনিকাক ৫-০ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়।

৪৮ কেজিৰ ফ্লাইৱেট শাখাত ভাৰতৰ চানুৱে ৰাছিয়াৰ ভেলেৰিয়া লিংকোভাক ৫-০ ব্যৱধানত পৰাজিত কৰে।

৫৪ কেজিৰ ফেডাৰৱেট শাখাৰ ফাইনেলত পুনমে ফ্ৰান্সৰ গ্ৰছিক ৫-০ব্যৱধানত পৰাজিত কৰে।

৫৭ কেজিৰ লাইটৱেট শাখাৰ ফাইনেলত ভিংকাই কাজাখিস্তানৰ ছায়াখমেতোভাক পৰাজিত কৰে।

৬৪ কেজিৰ ৱেল্টাৰৱেট শাখাৰ ফাইনেলত অৰুন্ধতি চৌধুৰীয়ে পোলেণ্ডৰ বাৰবাৰাক পৰাজিত কৰে।

৬৯ কেজিৰ মিডলৱেট শাখাৰ ফাইনেলত সানামাচা চানুৱে কাজাখিস্তানৰ  ডানা ডিডেক পৰাজিত কৰে।

আৰু ৮১+ কেজিৰ হেভিৱেট শাখাৰ ফাইনেলত আলফিয়া পাঠানে মলডোভাৰ ডাৰিয়া কোজোৰেজক পৰাজিত কৰে।

প্ৰতিযোগিতাখনৰ ফাইনেলত অৱতীৰ্ণ হোৱা ৭ গৰাকী বক্সাৰৰ আটাইকেইগৰাকীয়ে জয়ী হোৱাৰ খবৰে দেশৰ ক্ৰীড়াপ্ৰেমীসকলক উৎফুল্লিত কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply