গুৱাহাটী : ক’ভিড পৰিস্থিতি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেইবাটাও প্ৰশ্ন কৰিলে কেন্দ্ৰীয় চৰকাৰক। উচ্চতম ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰীয় সমস্যাৰ এই সময়ছোৱাত আমি মুখ বন্ধ কৰি বহি থাকিব নোৱাৰো। এই সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় স্তৰত চলি থকা প্ৰয়াসত সম্বনয় স্থাপন কৰিবলৈ আদালতে নিজৰ ভূমিকা পালন কৰিব।

উচ্চতম ন্যায়ালয়ে দেশৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ তিনিটাকৈ বিষয়ৰ ওপৰত তথ্য দাঙি ধৰিবলৈ কয়। প্ৰথমে দেশত অক্সিজেনৰ উৎপাদন, ইয়াৰ চাহিদা আৰু বিতৰণৰ ওপৰত তথ্য দিবলৈ কয়, লগতে কভিড প্ৰভাৱিত ৰাজ্য সমূহলৈ কি দৰে অক্সিজেন প্ৰেৰণ কৰা হৈছে আৰু ভৱিষ্যতে কেনে ধৰণৰ পৰিৱেশ থাকিব এই সম্পৰ্কে প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে।

আৰু পঢ়কঃপাঠদান বন্ধক লৈ নিশাই জাৰি কৰা নিৰ্দেশনাই সৃষ্টি কৰিছে টীয়কত আহুকলীয়া পৰিস্থিতি

দ্বিতীয়তে ৰেমডেছিভিৰ আৰু অন্যান্য ঔষধ সমূহ প্ৰতিখন জিলাত কিদৰে ব্যৱহাৰ কৰা হৈ আছে চৰকাৰ এই সম্পৰ্কে বিৱৰণ দিব লাগে বুলিও কয় উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে অহা ১ মে’ তাৰিখৰ পৰা ভেকচিন অভিযানকলৈ চৰকাৰ কিদৰে প্ৰস্তুত আৰু ভেকচিনৰ নাটনি নাই বুলি কেনেকৈ নিশ্চিত কৰিব পাৰি?

ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যই বিশেষজ্ঞ চিকিৎসকৰ সমিতি গঠন কৰিব লাগে যিয়ে নাগৰিকক সঠিক উপদেশ দিয়াৰ লগতে সহায় কৰিব পাৰে। আদালতে কেন্দ্ৰ আৰু ৰাজ্য অহা ৩০ এপ্ৰিলৰ ভিতৰত আদালতৰ প্ৰশ্নৰ উত্তৰ দাখিল কৰিবলৈ কৈছে। অহা ৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply