নিউজ ডেস্ক : ক’ভিড মহামাৰীৰ লগত যুঁজি বিজয় সাব্যস্ত কৰিলে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। ক’ভিডক পৰাজিত কৰি এইমছ’ৰ ট্ৰামা চেণ্টাৰৰ পৰা ওলাই আহিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ। কভিডত আক্রান্ত হোৱাৰ পিছত
যোৱা ১৯ এপ্ৰিলত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক এইমছ’ৰ ট্ৰমা চেণ্টাৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।

দেশত ক’ভিড মহামাৰীয়ে তাণ্ডৱ চলাই প্ৰতিদিনে হাজাৰ হাজাৰ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ সময়তে আহিছে এক ভাল খবৰ। কভিডত আক্রান্ত হৈ থকা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ কভিডমুক্ত হৈছে। নিউজ এজেন্সি এ এন এইৰ টুইট প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী সুস্থ হৈ উঠাৰ খবৰ প্ৰকাশ পাইছে।

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ক’ভিডত আক্রান্ত যোৱাত যোৱা ১৯ এপ্ৰিলত দিল্লীস্থিত এইমছ’ৰ ট্ৰমা চেণ্টাৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল। প্ৰায় ১০ দিনীয়া চিকিৎসাৰ অন্তত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ক’ভিডক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ৮৮ বছৰীয়া দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ক’ভিড দুয়ো পালি ভেকচিন লৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী মধুমেহ ৰোগত আক্রান্ত আৰু ইতিমধ্যে দুবাৰকৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বাইপাছ অস্ত্ৰোপ্ৰচাৰ হৈছে। ১৯৯০ আৰু ২০০৯ চনত দুবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক বাইপাছ অস্ত্ৰোপ্ৰচাৰ হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply