নিউজ ডেস্ক : দেশত অব্যাহত আছে কভিড মহামাৰীৰ ভয়াবহ তাণ্ডৱ। নিয়ন্ত্ৰণহীন হৈ পৰা এই মহামাৰীয়ে প্ৰতিদিনে নতুন নতুন ৰেকৰ্ড গঢ়ি আছে। বুধবাৰৰ দিনটো দেশত কভিড আক্রান্তৰ সংখ্যাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰে। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্রান্ত হয় ৪ লাখ ১২ হাজাৰ ৬১৮ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰে ৩ হাজাৰ ৯৮০ জন লোক।

দেশজুৰি কভিড মহামাৰীৰ সংহাৰ চলি থকাৰ মাজতে বুধবাৰে দেশত ২৪ ঘণ্টাৰ ভিতৰত কভিড আক্ৰান্তৰ সংখ্যাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। দ্বিতীয়বাৰৰ বাবে বুধবাৰে ২৪ ঘণ্টাৰ ভিতৰত আক্রান্তৰ সংখ্যা ৪ লক্ষাধিক অতিক্ৰম কৰিছে। ২৪ ঘণ্টাৰ ভিতৰত দেশত কভিডত নতুনকৈ আক্রান্ত হৈছে ৪ লাখ ১২ হাজাৰ ৬১৮ জন লোক। ইয়াৰ পূৰ্বে যোৱা ৩০ এপ্ৰিলত ২৪ ঘণ্টাৰ ভিতৰত দেশত আক্রান্ত হৈছিল ৪ লাখ ২ হাজাৰ ৩৫১ জন লোক।

আনহাতে বুধবাৰে দেশত মৃত্যুৰ মুখত পৰা কভিড আক্রান্ত ৰোগীৰ সংখ্যা হৈছে ৩ হাজাৰ ৯৮০ জন লোক। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰত ২৪ ঘণ্টাত নতুনকৈ কভিডত আক্রান্ত হৈছে ৫৭ হাজাৰ লোক। আনহাতে ৰাজ্যখনত ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰা কভিড ৰোগীৰ সংখ্যা ৯২০ জন। মহাৰাষ্ট্ৰত মায়ানগৰী মুম্বাইৰ পৰিস্থিতি অতিকৈ শোচনীয় বুলি জানিব পৰা গৈছে। মুম্বাইত ২৪ ঘণ্টাত ৩ হাজাৰ ৮৭৯ জন আক্রান্ত হোৱাৰ পৰিবৰ্তে মৃত্যু ঘটিছে ৭৭ জন লোকৰ।

ইফালে দেশৰ ৰাজধানী দিল্লীত ২৪ ঘণ্টাত কভিড মহামাৰীত নতুনকৈ ২০ হাজাৰ ৯৬০ জন লোক আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে ৩১১ জন লোক। উল্লেখ্য যে ৰাজধানী দিল্লীত বৰ্তমানলৈকে কভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে ১৮ হাজাৰ জন লোকৰ। মহাৰাষ্ট্ৰ আৰু দিল্লীৰ সমান্তৰালে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশতো প্ৰতিদিনে কভিড আক্রান্ত লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply