মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে যোৱা ১২ জানুৱাৰীত লংকাত অনুষ্ঠিত হৈছিল এখন বিয়া।

জানিব পৰা মতে, লংকাৰ কাকী খ্ৰীং গাঁৱত অনুষ্ঠিত হৈছিল গাঁওখনৰে নিৱাসী সুমগংল মজুমদাৰৰ বিবাহ। ১২ জানুৱাৰীত অনুষ্ঠিত হোৱা বিবাহখনৰ শুকুৰবাৰে আছিল অভ্যৰ্থনা। খবৰ পোৱাৰ লগে লগে অভ্যৰ্থনা স্থলীত উপস্থিত হ’ল কাকী থানাৰ আৰক্ষী।

আনহাতে, আৰক্ষী আহি উপস্থিত হোৱাৰ পিছত বিয়াঘৰত লাগিল হুৱাদুৱা। ১৭ বছৰীয়া নাবালিকাক বিয়া কৰাই অনুষ্ঠিত কৰা বিবাহৰ অভ্যৰ্থনা চলি থকাৰ মাজতে হঠাতে উপস্থিত হল চাইল্ড লাইনৰ লগতে আৰক্ষী। কিন্তু হঠাত আৰক্ষীক দেখি দৰা সুমগংল মজুমদাৰ পলাই পত্ৰং দিয়ে।

ইফালে অভ্যৰ্থনা অনুষ্ঠানৰ আপ্যায়নৰ বাবে ৰন্ধা মাছে-মঙহে সকলো খাদ্য যেনেকৈ আছিল তেনেদৰেই থাকিল পৰি। কোনো অতিথিৰ নহ’ল খোৱা-বোৱা। নিমিষতে সকলো ফৰিং চিটিকা দিয়ে।

ইতিমধ্যে নাবালিকা কইনাক উদ্ধাৰ কৰি কাকী আৰক্ষী থানালৈ লৈ যোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply