সোমবাৰে ত্ৰিপুৰা অভিমুখী এখন ট্ৰাকৰ পৰা অসম আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ। কৰিমগঞ্জ জিলাত আটক হয় ট্ৰাক চালকজন।
আৰক্ষীয়ে জনোৱা মতে, মুকেশ যাদৱ বুলি চিনাক্ত কৰা ট্ৰাক চালকজনক সোমবাৰে অসম-ত্ৰিপুৰা সীমান্তত আটক কৰা হৈছিল। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ১২৮০টা কফ চিৰাপৰ বটল থকা আঠটা কাৰ্টুন উদ্ধাৰ কৰিছিল। যাৰ বজাৰ মূল্য প্ৰায় ৬.৫০ লাখ টকা বুলি অনুমান কৰা হৈছে।
আৰক্ষীয়ে জনায় যে এক গোপন সূত্ৰৰ জৰিয়তে দেওবাৰে অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীয়ে ট্ৰাকখন আটক কৰে আৰু আৰক্ষীৰ দলটোৱে ট্ৰাকৰ পৰা ১২৮০ কফ চিৰাপৰ বটল উদ্ধাৰ কৰে”।
ইতিমধ্যে ঘটনা সন্দৰ্ভত নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।