দেওবাৰে আইজল জিলাৰ হুইফাঙত অসম ৰাইফলছ আৰু চিআইডিৰ এটা যুটীয়া দলে অস্ত্ৰ-শস্ত্ৰ আৰু গুলীবাৰুদ উদ্ধাৰ কৰাৰ লগতে ৪জন লোকক গ্ৰেপ্তাৰ কৰে।

আনহাতে,  উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ ভিতৰত আছে চীনত নিৰ্মিত ২২টা  এ কে ৰাইফল,  চাৰিটা গুলী-বাৰুদ আৰু দুটা মেগজিন।

অস্ত্ৰ-শস্ত্ৰৰ সৈতে উদ্ধাৰ হোৱা চাৰিজন অভিযুক্তক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে ৰাজ্যিক আৰক্ষীৰ হাতত ইতিমধ্যে গতাই দিয়া হৈছে।

ইফালে, অসম ৰাইফলছে দাবী কৰিছিল যে অস্ত্ৰ-শস্ত্ৰ আৰু গুলীবাৰুদে বিভিন্ন লোকৰ প্ৰাণ হানি কৰিছে। ইয়াৰোপৰি অস্ত্ৰ সৰবৰাহ মিজোৰামৰ বাবে চিন্তাৰ এটা মুখ্য কাৰণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply