প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬তম চিভিল সেৱা দিৱসত নিজৰ সম্বোধনত কৈছিল যে আমি ভাৰতত সুদূৰ সীমান্তৱৰ্তী গাঁওসমূহক দেশৰ প্ৰথম গাঁও বুলি গণ্য কৰো, অন্তিম নহয় আৰু আমি এশ শতাংশ পৰিপূৰ্ণতা পাবলৈ সততাৰে প্ৰয়াস কৰা তথা নতুন সম্পদৰ আৱশ্যক হ’ব।

ভাৰত চৰকাৰে এই প্ৰয়াসৰ অংশ হিচাপে ২,৬৭৫ কোটি টকাৰ মুঠ ব্যয়েৰে অৰুণাচল প্ৰদেশত ৩,৭২১ৰ অধিক গাঁৱক কানেক্টিভিটী প্ৰদান কৰাৰ উদ্দেশ্যে ২,৬০৫, 4জি মোবাইল টাৱাৰ স্থাপন কৰাৰ স্বীকৃতি প্ৰদান কৰিছে।

এই ২৫৪, 4জি মোবাইল টাৱাৰ ২২ এপ্ৰিল, ২০২৩ত সঞ্চাৰ, ৰে’লৱে তথা ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ দ্বাৰা ৰাষ্ট্ৰক সমৰ্পিত কৰা হ’ব। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী  কিৰেণ ৰিজিজু; সঞ্চাৰ ৰাজ্য মন্ত্ৰী  দেৱু সিং চৌহান আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াও এই অনুষ্ঠানত উপস্থিত থাকিব। উদ্বোধন সমাৰোহ ৰাজধানী ইটানগৰত ৰাজ্য বিধানসভা চৌহদত আয়োজিত কৰা হ’ব।

এই টাৱাৰে উন্নত কানেক্টিভিটীৰ পৰা এতিয়ালৈকে বঞ্চিত হৈ থকা গাঁওসমূহত 4জি সেৱা প্ৰদান কৰিব, যাৰ জৰিয়তে অৰুণাচলৰ ৩৩৬খন গাঁৱে ডিজিটেল কানেক্টিভিটী সহজে লাভ কৰিব। এই গাঁওসমূহত এনে বহু ঠাই অন্তৰ্ভুক্ত আছে যি স্বাধীনতাৰ পাছৰ পৰা এতিয়ালৈকে কানেক্টিভিটী নোহোৱাকৈ আছে। আশা কৰা হৈছে যে এই পদক্ষেপৰ জৰিয়তে ৭০,০০০ৰো অধিক গ্ৰাহক লাভৱান হ’ব আৰু আশা কৰা ডাটা ব্যৱহাৰ প্ৰতিমাহে ৪০ টিবি অতিক্ৰম কৰিব পাৰে।

বিভিন্ন যোজনা আৰু পৰিকল্পনাৰ মাধ্যমত অৰুণাচল প্ৰদেশৰ বাবে হাই-স্পীড নেটৱৰ্ক কানেক্টিভিটী পৰ্যন্ত যোৱাটো সুনিশ্চিত কৰা হৈছে, যেনে ‘পূৰ্বোত্তৰ অঞ্চলৰ বাবে বিস্তৃত দূৰসঞ্চাৰ বিকাশ যোজনা (চিটিডিপি-এনইআৰ), ‘অৰুণাচল প্ৰদেশৰ দূৰ-দূৰণিৰ ডাটা কানেক্টিভিটী নোহোৱা গাঁও আৰু অসমৰ ২খন জিলাত মোবাইল সেৱাৰ ব্যৱস্থা’ তথা 4জি পৰিপূৰ্ণতা পৰিকল্পনা।

ভাৰতে দেশজুৰি ডিজিটেল আৰু মোবাইল কানেক্টিভিটী সুনিশ্চিত কৰা আৰু দেশৰ অন্তিম প্ৰান্তলৈকে ডিজিটেল ক্ৰান্তি তথা মোবাইল আৰু ডিজিটেল সেৱাৰ দ্ৰুতগতিত প্ৰসাৰৰ মাধ্যমত সাধাৰণ নাগৰিকক শক্তিশালী কৰাৰ দিশত নিৰন্তৰ প্ৰয়াস কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply