আজি শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰে ঠিকাদাৰ নিৰ্মল কুমাৰ মৰ’ক। বৰ্তমান গুৱাহাটীৰ পৰা শিৱসাগৰলৈ লৈ যোৱা হৈছে ঠিকাদাৰজনক।

জানিব পৰামতে কিছু সময়ৰ পাছতে শিৱসাগৰত উপস্থিত হ’ব ঠিকাদাৰ জন।

কিছুদিনপূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছিল যে এজন ঠিকদাৰে মাহমৰা AJYCP ৰ আঞ্চলিক সম্পাদক লক্ষ্মী দাস পানিকাৰক প্ৰহাৰ কৰিছিল।

এই কাণ্ডৰ পিছতেই বিভিন্ন দল-সংগঠনৰ লগতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ঠিকাদাৰ নিৰ্মল কুমাৰ মৰ’ক সকীয়নী প্ৰদান কৰিছিল। কিন্তু আচৰিত কথা যে, অসম আৰক্ষীয়ে ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰক গ্ৰেপ্তাৰ নকৰি শৃংখল চলিহাকহে গৃহ বন্ধী কৰিবলৈ ২৯ এপ্ৰিলত পুৱাই বাস গৃহ উপস্থিত হৈছিল।

ইয়াৰ পাছতো আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাত দেওবাৰে নিশা AYJCP সদস্যই শিৱসাগৰৰ পথ অৱৰোধ কৰাৰ লগতে ঠিকাদাৰৰ বাসগৃহ ঘেৰাও কৰে।

অৱশেষত আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে ঠিকাদাৰ নিৰ্মল কুমাৰ মৰ’ক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply