কলিজা আইতা আৰু নাই। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কলিজা আইতাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত বৃহস্পতিবাৰে প্ৰায় ১০:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
কলিজা আইতাৰ প্ৰকৃত নাম আছিল শুভদ্ৰা দেৱী। প্ৰথমে মাডাৰ অ’ল্ড এজ হোমৰ আৱাসী হলেও পৰৱৰ্তী সময়ত প্ৰমোদ তালুকদাৰ অ’ল্ড এজ হোমত বাস কৰিছিল তেওঁ। ১০৭ বছৰীয়া এই আইতাগৰাকী সকলোৰে মাজত জনপ্ৰিয় আছিল।
জানিব পৰা মতে, ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিছত স্বইচ্ছাই তেওঁ বৃদ্ধাশ্ৰমৰ আৱাসী হৈছিল।
প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰী উৎপল হৰ্ষবৰ্ধনে যথেষ্ট যতন লৈছিল তেওঁৰ। তেওঁৰ মৃত্যুত বৃদ্ধাশ্ৰমৰ লগতে তেওঁক ভাল পোৱা সকলোৱে শোক ব্যক্ত কৰিছে। কিছুদিন পূৰ্বে তেওঁৰ ৮৭ বছৰীয়া পুত্ৰই আই চি ইউলৈ গৈ মাতৃৰ খবৰ লৈছিল।