সোমবাৰে আদালতত হাজিৰ কৰোৱা হব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচ’দিয়াক। সুৰা কেলেংকাৰীৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিচদিয়াক। তেতিয়াৰ পৰা চিবিআইৰ জিম্মাত আছিল ছিচ’দিয়া।

গ্ৰেপ্তাৰৰ পাছতেই পদত্যাগ কৰিছিল মনিষ ছিচ’দিয়াই। নেতা গৰাকীৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আম আদমী পাৰ্টীয়ে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গৈছিল। নেতা গৰাকীৰ জামিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে প্ৰথমে উচ্চ ন্যায়ালয়ৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিছিল।

আজি উপ-মুখ্যমন্ত্ৰী মনিষ ছিচ’দিয়াৰ ৫ দিনৰ জিম্মা শেষ হৈছে। গতিকে আজি আদালতত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply