আজি কাৰ্যকাল অন্ত পৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ। আজিৰে পৰা দ্বায়িত্ব গ্ৰহণ কৰিব নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত জি পি সিঙে আবেলি ৪.৩০ বজাত দ্বায়িত্ব গ্ৰহণ কৰিব।
উল্লেখ্য যে বিদায়ী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ বিদায়ী পেৰেড অনুষ্ঠিত হ’ব স্বতন্ত্ৰ অসম আৰক্ষী বেটেলিয়েনত। এই বিদায়ী পেৰেড পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে।
বিদায় মূহুৰ্তত ভাস্কৰ জ্যোতি মহন্তই মৈত্ৰী আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা অসম আৰক্ষীৰ এটা বিশ্ৰামালয় উদ্বোধন কৰে। ডিজিপি হিচাপে তেওঁ অংশ লোৱা এইটোৱেই অন্তিম অনুষ্ঠান। জানিব পৰা মতে, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ লোকসকল এই বিশ্ৰামালয়ৰ জৰিয়তে যথেষ্ট উপকৃত হ’ব।