আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ ১৯৭৩ চনৰ পৰা প্ৰতি বছৰে ৩ মাৰ্চ দিনটো পালন কৰি অহা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে ৷
১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Convention on International Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মিলনৰ চুক্তি মৰ্মে ৩ মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাবে পালন কৰি অহা হৈছে৷ ১৯৭৩ চনৰ ৩ মাৰ্চ দিনটো CITES ৰ জন্মদিন হিচাপে পালন কৰি অহা বিশ্ব বন্যপ্ৰাণী দিৱসে ভৰি দিলেহি ৫০ বছৰত৷
চলিত বৰ্ষত ৫০ বছৰত ভৰি দিয়া বিশ্ব বন্যপ্ৰাণী দিৱসৰ থিম Partnership for Wildlife Conservation (বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অংশীদাৰীত্ব)। আনহাতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বই সামূহিক প্ৰচেষ্টা লোৱাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত এক নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে৷ যাৰ বাবে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ মান চিত্ৰত কাজিৰঙাই দখল কৰিছে বিশেষ স্থান।