আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব ন্যায়াধীশ সন্দীপ মেহতাই। যোৱা ১২ ফেব্ৰুৱাৰীত এক নিৰ্দেশনা অনুসৰি সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁক ২০১১ ত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে, ১৯৮৬ চনত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা সন্দীপ মেহতাই ২০০৪-০৫ত বাৰ কাউন্সিল অফ ৰাজস্থানৰ উপ-সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰাৰ পিছত ২০১০ত সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

উল্লেখ্য যে,  উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে সন্দীপ মেহতাক। আজি ৰাজভৱনৰ দৰবা হলত অনুষ্ঠিত হ’ব মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰ শপতগ্ৰহণ অনুষ্ঠান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply