এক আজৱ কাহিনী। ৬১ বছৰে টোপনি নোযোৱা এজন ব্যক্তি। তেওঁৰ নাম থাই এনজোক । ৮০ বছৰীয়া এনজোক ভিয়েটনামৰ বাসিন্দা।

পৃথিৱীত এনে বহু ব্যক্তি আছে যাৰ কেতিয়াও টোপনি নাহে। তাৰ মাজৰ এজন থাই এনজক। ব্যক্তিজনে কয় যে,  “মোৰ এদিন জ্বৰ হৈছিল,  তাৰ পিছত কোনো দিন মই শুৱা নাই”। তেওঁ ১৯৬২ চনৰ পৰা কেতিয়াও টোপনি যোৱা নাই। 

আনহাতে,  ৮০ বছৰীয়া এনজোকে কয় যে এদিন ৰাতি তেওঁৰ জ্বৰ হৈছিল আৰু সেই দিনটোৰ পিছত তেওঁ কেতিয়াও শুব পৰা নাই। তেওঁৰ পত্নী আৰু  সন্তানেও কয় যে বহু বছৰ ধৰি এনজোকক তেওঁলোকে শোৱা দেখা নাই। চিকিৎসা বিঞ্জানৰ মতে এই ধৰণৰ ৰোগক ইনসোম্নিয়া বা অনিদ্ৰা বুলি কোৱা কয়।

এই ৰোগে  মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত বেয়াকৈ প্ৰভাৱ পেলায়। কিন্তু ৬১ বছৰ নুশুৱাৰ পিছতো থাই এনজোকৰ স্বাস্থ্যৰ কোনোধৰণৰ  ক্ষতি হোৱা নাই। আনকি তেওঁ ৮০ বছৰ বয়সতো খোজ কঢ়া, পথাৰত কাম আদি কৰে। তেওঁ কয় যে কাম কৰাৰ পিছত,  তেওঁ সাধাৰণ লোকতকৈ কম ভাগৰুৱা অনুভৱ কৰে। তেওঁ প্ৰতিদিনে বিচনালৈ যায়, চকু বন্ধ কৰে,  কিন্তু তেওঁ কেতিয়াও টোপনি নাযায়। লগতে তেওঁ কয় যে বিদেশৰ পৰা বহুতো লোকে তেওঁৰ স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ আহিছে যদিও কোনো উত্তৰ পোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply