সোমবাৰে কাব্যঋষি গৰাকীৰ পৰিয়াৰলৰ সদস্য দুলুমণি ফুকনে নিত্য বৰাক এক পত্ৰৰ জৰিয়তে নীলমণি ফুকনদেৱৰ সাংবাদিক নিত্য বৰাৰ ওচৰত থকা কাব্যঋষি নীলমণি ফুকনৰ ৰহস্যময়ী ‘বন্ধ খামৰ চিঠি’ খন কেতিয়ালৈ খুলিব সেয়া যেন এতিয়া ৰাজ্যবাসীৰ বাবে এক চৰ্চাৰ বিষয় হৈ পৰিছে।
আদ্যশ্ৰাদ্ধ (৩১ জানুৱাৰী মঙলবাৰ)ৰ পিছতহে বন্ধ খামৰ চিঠিক লৈ বৰাই ভৱা ধৰণে ব্যৱস্থা লব’লৈ আৰু তেনে কৰিলে শোকসন্তপ্ত পৰিয়ালৰ শোক কিছু পৰিমাণে লাঘৱ হ’ব বুলি জনায়।
কাব্যঋষি গৰাকীৰ মৃত্যুৰ পিছতেই নিত্য বৰাক কেতিয়ালৈ চিঠিখন খোলা হ’ব বুলি সোধাত তেওঁ কয়, “বন্ধ খামটো খোলাৰ কোনো নিৰ্দিষ্ট দিন কবিয়ে দি যোৱা নাই৷ কেইদিনমানৰ ভিতৰতে মই এই খামটো খুলিম৷ সম্ভৱতঃ কবিৰ মৃত্যুৰ অষ্টমৰ পৰা দশম দিনৰ ভিতৰত সেই ৰহস্য উন্মোচিত কৰা হ’ব৷ অসমৰ সংবাদ মাধ্যমক মই দুই-এদিনৰ ভিতৰতে বন্ধ খামটো খোলাৰ দিনটো নিৰ্দিষ্টভাৱে জনাম৷ খামটো খোলৰ সময়ত সাংবাদিকক আমন্ত্ৰণ জনাম আৰু সকলোৰে আগতে মুকলিকৈ খুলিম আৰু খামটো খোলাৰ সময়ত কোনো বুদ্ধিজীৱি আৰু সাহিত্যিকক উপস্থিত থাকিবলৈ আমন্ত্ৰণ নজনোৱাৰ সিদ্ধান্ত লৈছো”।
উল্লেখ্য যে, ১৯৭৪ চনত কবি নীলমণি ফুকন দেৱৰ ওপৰত এটা স্পেনিছ কবিতা ‘নাইটমেয়াৰ’ৰ পৰা নকল কৰি ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ শীৰ্ষক কবিতাটো লিখিছিল বুলি ‘আমাৰ প্ৰতিনিধি’ নামৰ আলোচনীত মৃদুপৱন বৰুৱা নামৰ অখ্যাত ব্যক্তিৰ দ্বাৰা এক প্ৰৱন্ধ লিখা হৈছিল। যিটোৱে সেই সময়ত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
কবিৰ ওপৰত হোৱা এই ষড়যন্ত্ৰ কোনে কৰিছিল পিছলৈ তেওঁ ভেদ কৰিছিল যদিও সেইসকলৰ নাম কেতিয়াও ৰাজহুৱা কৰা নাছিল। পৰৱৰ্তী সময়ত ২০০৪ চনত ফুকনদেৱে নিত্য বৰাক এখন চিঠি দিয়ে য’ত উল্লেখ আছিল ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোৰ বাবে কোনে ষড়যন্ত্ৰ কৰিছিল। কব্যঋষি গৰাকীয়ে এই চিঠি তেওঁৰ মৃত্যুৰ পিছতহে খুলিবলৈ সাংবাদিক নিত্য বৰাক পৰামৰ্শ দিছিল।