বৰপেটা : দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ। ৰাজ্যজুৰি ঈদ উদযাপনকৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাৰ জানিয়াত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ।
ত্যাগ, ভাতৃতবোধ আৰু সমন্বয়ৰ মহান বানিৰে দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিব ঈদ। ঈদ উদযাপনৰ বাবে ইতিমধ্যে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোক সকল। চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি। ঈদৰ নামাজৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ জনিয়া আঞ্চলিক ঈদগাহ ময়দান সাজু কৰি তোলা হৈছে।
লগতে পঢ়ক – অসমত জাপানীজ এনকেফেলাইটিছত মৃত্যু ৮জন
প্ৰতি বছৰৰ দৰে এইবাৰো জনিয়া সমষ্টিৰ বিভিন্ন ঈদগাহ ময়দানত নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ’ব ঈদৰ নামাজ। একেদৰে ৰাজ্যৰ আন আন প্ৰান্ততো ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত দেখিবলৈ পোৱা গৈছে ঈদৰ আনন্দ উৎসাহ। ঈদৰ নামাজৰ পিছতে অনুষ্ঠিত হ’ব কুৰবাণী পৰ্ব।