এইবাৰ উৎকোচ গ্ৰহণ কৰি গ্ৰেপ্তাৰ হ’ল বিজেপি বিধায়কৰ আমোলা পুত্ৰ। বিধায়কৰ ঘৰৰ পৰা জব্দ কৰা হৈছে কোটি কোটি টকা। বৃহস্পতিবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল কৰ্ণাটকৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰ প্ৰশান্ত মাদল।

প্ৰশান্ত মাদল বিজেপি বিধায়ক মাদল বীৰুপাক্ষপ্পাৰ পুত্ৰ। লোকায়ুক্তৰ দুৰ্নীতি বিৰোধী শাখাই প্ৰশান্ত মাদালৰ ঘৰত অভিযান চলাই নগদ ৬ কোটি ধন জব্দ কৰিবলৈ সক্ষম হৈছে।

মাদল বীৰুপাক্ষপ্পা বিধায়ক হোৱাৰ উপৰিও ৰাজ্যিক মালিকানাধীন কৰ্ণাটক চাবোন এণ্ড ডিটাৰ্জেণ্টছ লিমিটেডৰ অধ্যক্ষ। আনহাতে তেওঁৰ পুত্ৰ প্ৰশান্ত মাদল বেংগালুৰু পানী যোগান আৰু প্ৰণালী ব’ৰ্ডৰ মুখ্য একাউণ্টেণ্ট।

বৃহস্পতিবাৰে লোকায়ুক্ত দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে বিজেপি বিধায়ক এম বিৰুপাক্ষপ্পাৰ পুত্ৰক ৪০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অৱস্থাতে গ্ৰেপ্তাৰ কৰে। প্ৰকাশিত বাতৰি অনুসৰি,  প্ৰশান্ত কুমাৰক তেওঁৰ দেউতাকৰ বেংগালুৰু কাৰ্যালয়, কৰ্ণাটক চাবোন এণ্ড ডিটাৰ্জেণ্ট লিমিটেডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি,  প্ৰশান্ত  মাদলে উৎকোচ হিচাপে ৮০ লাখ টকা দাবী কৰিছিল। তেওঁ চাবোন আৰু অন্যান্য ডিটাৰ্জেন তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী ক্ৰয় কৰাৰ চুক্তিৰ বিনিময়ত ঠিকাদাৰৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ সময়ত ধৰা পৰিছে। তেওঁ ২০০৮ বৰ্ষৰ কৰ্ণাটক প্ৰশাসনিক সেৱাৰ এজন বিষয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply