নিউজ ডেস্ক- আজি পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুস্থানত উপস্থিত থাকে। তেওঁ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালকালয়ত নতুনকৈ নিয়োজিত কর্মচাৰীসকলৰ বাবে দিক-দর্শন অনুষ্ঠানত উপস্থিত থাকে।
তেওঁ কয় যে, “এখন দক্ষতা সম্পন্ন ভাৰত সৃষ্টি কৰাটো প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অন্যতম সপোন৷ আমাৰ ৰাজ্যত দক্ষতাপূর্ণ মানৱ সম্পদ গঢ় দিয়া আৰু মানসম্পন্ন দক্ষতা বিকাশৰ প্রশিক্ষণৰ দ্বাৰা শ্রেষ্ঠতৰ নিয়োগৰ বাবে সাজু কৰি তোলাত অসমৰ দক্ষতা বিকাশ বিভাগে মুখ্য ভূমিকা পালন কৰি আহিছে। বিভাগটোৱে আগবঢ়াই অহা এই নিৰন্তৰ প্ৰচেষ্টাত অধিক মানৱ সম্পদৰ প্রয়োজনীয়তা সহজেই অনুমেয় ৷ এই সকলো নতুন কৰ্মচাৰীকে বিভাগলৈ আদৰণি জনাই মই সঁচাকৈয়ে সুখী হৈছোঁ। মই আশা কৰোঁ, এক নিকা আৰু স্বচ্ছ বাছনি প্রক্রিয়াৰে নিযুক্তি পোৱা এই নতুন কৰ্মচাৰীসকলে উদ্যম আৰু একাগ্ৰতাৰে নিজৰ কর্তব্য পালন কৰি বিভাগটোৰ অধিক উন্নতি সাধন কৰিব। মোৰ দৃঢ় বিশ্বাস, অদূৰ ভৱিষ্যতে আমাৰ এই বিভাগটোৱেই অসমৰ নতুন প্রজন্মৰ ভৱিষ্যত নির্ণয় কৰিব।”

উক্ত অনুষ্ঠানত বিধায়ক পৃথ্বিৰাজ ৰাভা, SEED -ৰ প্রধান সচিব শ্রীবি. কল্যাণ চক্রৱর্তী, ASDM-ৰ MD অংকুৰ জৈন, DECT-ৰ সঞ্চালক কস্তুৰী ভৰালী আৰু অন্যান্য বিষয়াবর্গ উপস্থিত থাকে।
