কোভিডৰ ফলত যোৱা এসপ্তাহত চীনত মৃত্যু হৈছে প্ৰায় ১৩ হাজাৰ লোকৰ। দেওবাৰে সংবাদ সংস্থা এ এফ পিয়ে এই তথ্য প্ৰকাশ কৰে।
চীনৰ Centres for Disease Control and Preventionয়ে শনিবাৰে এক বিবৃতিত প্ৰকাশ কৰিছে যে কোৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত হোৱা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হৈ ৬৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে বাকী ১১,৯৭৭ জনৰ সংক্ৰমণ আৰু অন্যান্য ৰোগৰ সংমিশ্ৰণত মৃত্যু হয়।
এসপ্তাহ পূৰ্বে চীনে প্ৰকাশ কৰিছিল যে শূন্য কোভিড নীতি বাতিল কৰাৰ পিছত ১২ জানুৱাৰী পৰ্যন্ত কোৰোনা ভাইৰাছৰ বাবে প্ৰায় ৬০ হাজাৰ লোকৰ চিকিৎসালয়ত মৃত্যু হৈছে।
শুকুৰবাৰে CNNৰ প্ৰকাশিত বাতৰি অনুসৰি চীনত কোৰোনাৰ বাবে এসপ্তাহত ৬৩ হাজাৰৰো অধিক ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চীনত শূন্য কোভিড নীতি বন্ধ কৰাৰ পিছৰে পৰা মৃত্যুৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। কোৰোনা আৰু কোৰোনা সম্পৰ্কীয় ৰোগৰ বাবে এমাহত প্ৰায় ৬০ হাজাৰ লোকৰ মৃত্যু হয়। চীন কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ১২ জানুৱাৰীলৈকে ৫৯,৯৩৮ জন লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।