কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত জনাই যে কংগ্ৰেছ যুৱ সভানেত্ৰী অংকিতা দত্তক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ইতিমধ্যে নিলম্বন কৰা হৈছে।

কিছুদিন পূৰ্বেই অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। দত্তই কৈছিল যে প্ৰায় ৬ মাহ ধৰি তেওঁ নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে।

আনকি শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল অংকিতা দত্তই। তাৰ পাছতেই ড০ অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। সভাপতিয়ে দায়িত্ব লোৱাৰ পিছতো আৰক্ষীৰ কাষ চাপিছিল অংকিতা। যাৰ বাবে অতি কম সময়ৰ ভিতৰতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল কংগ্ৰেছে।

এই সন্দৰ্ভত বৰ্তমান পৰ্যন্ত অংকিতা দত্তই কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply