বৃহস্পতিবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰ। ছাত্ৰজনৰ নাম সূৰ্য নাৰায়ণ দাস।
জানিব পৰামতে ছাত্ৰজনৰ ঘৰ ধেমাজিত। ছাত্ৰজন কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসৰ আৱাসী আছিল। ছাত্ৰজনে হোস্টেলৰ পৰা ওলাই গৈ নিজৰ কোঠালৈ উভতি অহাৰ সময়তে নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালে লতাশিল থানাত এখন এজাহাৰ দাখিল কৰিছে। দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।
কোনো ব্যক্তিয়ে ছাত্ৰজনৰ সন্ধান লাভ কৰিলে ৬০০১৩৬৮৯১৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।