মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ মাজতে তেওঁ আজি টুইটাৰ হেণ্ডেলৰ জৰিয়তে কোন জিলাত কিমান বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈছে তাৰ এখন তালিকাও প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তালিকা অনুসৰি, ৰাজ্যৰ আৰক্ষী থানাসমূহত ৪ হাজাৰৰো অধিক বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈছে। এই গোচৰৰ বিৰুদ্ধে চলিত বৰ্ষৰ ৩ ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ সকলোকে সহযোগিতাও আগবঢ়াবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ হেণ্ডেলত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ৩৬ খন জিলাত ৪০০৪টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈ আছে। ইয়াৰ ভিতৰত সৰ্বাধিক গোচৰ ৰুজু হৈ আছে ধুবুৰীত। জিলাখনত মুঠ ৩৭০ টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈ আছে। আনহাতে দ্বিতীয় স্থানত আছে হোজাই জিলা। হোজাইত ৰুজু হৈ আছে ২৫৫ টা গোচৰ। একেদৰে ২৩৫ টা গোচৰৰ সৈতে তৃতীয় স্থানত আছে ওদালগুৰি, ২২৪ টা গোচৰৰ সৈতে মৰিগাওঁ আছে চতুৰ্থ স্থানত আৰু ২০৪ টা গোচৰৰ সৈতে কোকৰাঝাৰ আছে পঞ্চম স্থানত।

বজালী জিলাত ১৩২টা, বাক্সাত ১৫৩টা, বৰপেটাত ৮১টা, বিশ্বনাথত ৯৮টা, বঙাইগাওঁত ১২৩টা, কাছাৰত ৩৫টা, চৰাইদেওত ৭৮টা, চিৰাঙত ৫৪টা, দৰঙত ১২৫টা, ধেমাজীত ১০১টা, ডিব্ৰুগড়ত ৭৫টা, ডিমা হাচাওত ২৪টা, গোৱালপাৰাত ১৫৭টা, গোলাঘাটত ৬২টা, হামৰেণত ১৫টা, যোৰহাটত ২৫টা, কামৰূপত ৮০টা, কাৰ্বি আংলঙত ১২৬টা, কৰিমগঞ্জত ৯২টা, লখিমপুৰত ৩২টা, মাজুলীত ৪৪টা, নগাঁওত ১১৩টা, নলবাৰীত ১৭১টা, শদিয়াত ৮৫টা, শিৱসাগৰত ৫৪টা, শোণিতপুৰত ৬০টা, দক্ষিণ শালমাৰাত ১৪৫টা, তামুলপুৰত ১১০টা আৰু তিনিচুকীয়াত ৭৩টা গোচৰ পঞ্জীয়ন হৈছে।আনহাতে মাত্ৰ ১ টা গোচৰৰ সৈতে হাইলাকান্দি জিলা আছে এই তালিকাৰ সকলোতকৈ তলত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply